হোৰাহোৰে বাঢ়িল পেট্র’ল – ডিজেলৰ মূল্য

Share
গুৱাহাটী,৪ এপ্রিলঃ  আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ ৰাজ্য । নিতৌ বৰ্ধিত মূল্যই কপাঁই তুলিছে ৰাজ্যজুৰি ।ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ লৈছে নিত্য ব্যৱহাৰ্য্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ লগতে পেট্র’ল – ডিজেলৰ মূল্য ।আৰু এতিয়া সৰ্বত্রে চৰ্চাত অব্যাহত পেট্র’ল ডিজেলৰ মূল্য ।দেশৰ প্রান্তে প্রান্তে পেট্র’ল – ডিজেলৰ মূল্যই বৰ্ধিত হাৰত অতিক্রম কৰাৰ সময়তে গুৱাহাটীতো যদি পেট্র’ল – ডিজেলৰ মূল্য প্রত্যক্ষ কৰো তেন্তে সোমবাৰে পেট্র’ল – ডিজেলৰ মূল্য প্রতিলিটাৰত পেট্র’লত ৪২ পইচাকৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলত বৃদ্ধি পাইছে ৪ পইচাকৈ ।গুৱাহাটীত সোমবাৰে পেট্র’লৰ মূল্য প্রতিলিটাৰত ১০৩.৮৮ টকালৈ বৃদ্ধি পাইছে ।তদুপৰি , বিগত ১৪ দিন অৰ্থাৎ দুসপ্তাহৰ ভিতৰত প্রতিলিটাৰত মুঠ ৮.৪০ টকালৈ বৃদ্ধি হৈছে ।১৪ দিনত ১২ বাৰকৈ পেট্র’ল – ডিজেলৰ মূ্ল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।
আৰু আনপিনে ,দেশৰ ৰাজধানী দিল্লীত যদি পেট্র’লৰ মূল্য চাবলৈ যাওঁ তেন্তে দিল্লীত পেট্র’লৰ মূল্য এতিয়া প্রতিলিটাৰত ৯৫.০৭ টকা পৰ্য্যন্ত বৃদ্ধি পাইছে। সমান্তৰালকৈ , মায়ানগৰী হিচাপে খ্যাত মুম্বাইতো যদি পেট্র’ল – ডিজেলৰ মূল্য প্রত্যক্ষ কৰো তেন্তে পেট্র’লৰ মূ্ল্য প্রতিলিটাৰত ১১৮ .৮৩ টকা আৰু ডিজেলৰ মূল্য প্রতিলিটাৰত ১০৩.০৪ টকালৈ বৃদ্ধি পাইছে ।আৰু এনেদৰে দেশৰ প্রান্তে প্রান্তে পেট্র’ল – ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সময়তে প্রতিদিনে ৰাতিটোৰ ভিতৰতে পইচা পইচাকৈ বাঢ়ি গৈ থাকি ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীতো হোৰাহোৰে পেট্র’ল – ডিজেলৰ মূল্য বৰ্ধিত হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।আৰু যাৰ বাবে এতিয়া জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ।

Leave a Reply

Your email address will not be published. Required fields are marked *