১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব আয়কৰ আইন, ২০২৫। এই আইনৰ নিয়ম আৰু কৰ ৰিটাৰ্ণৰ প্ৰ-পত্ৰ অতি শীঘ্ৰেই অৱগত কৰা হ’ব বুলি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। দেওবাৰে অৰ্থাৎ ১ ফেব্ৰুৱাৰীত লোকসভাত বাজেট ভাষণৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰণে এই কথা সদৰী কৰে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণে ঘোষণা কৰা অনুসৰি পূৰ্বৰ আয়কৰ আইন, ১৯৬১ ৰ পৰিবৰ্তে সমগ্ৰ দেশত বলৱৎ কৰা হ’ব নতুন আয়কৰ আইন। উল্লেখযোগ্য যে ২০২৬-২৭ চনৰ বাজেটত কৰ আইনত কৰা পৰিৱৰ্তনসমূহ এই নতুন আইনখনত অন্তৰ্ভুক্ত কৰা হ’ব।
লোকসভাত বাজেট ভাষণত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে, “এই (প্ৰত্যক্ষ কৰ সংহিতা) অভিলেখ সময়ত সম্পূৰ্ণ কৰা হৈছে আৰু আয়কৰ আইন ২০২৫ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। সৰলীকৃত আয়কৰ নিয়ম আৰু প্ৰ-পত্ৰসমূহ অতি শীঘ্ৰে অৱগত কৰা হ’ব। ফলত কৰদাতাসকলে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ প্ৰয়োজন অনুসৰি পৰ্যাপ্ত সময় লাভ কৰিব।”
সাধাৰণ নাগৰিকৰ অসুবিধা নোহোৱাকৈ নিয়মসমূহ মানি চলিব পৰাকৈ প্ৰ-পত্ৰসমূহ নতুনকৈ সজোৱা হৈছে বুলি বিত্তমন্ত্ৰী সীতাৰমণে জানিবলৈ দিয়ে। ২০২৫ চনৰ আয়কৰ আইনত ৰাজহ প্ৰয়োগ আৰু কৰ হাৰৰ কোনো পৰিৱৰ্তন হোৱা নাই। কেৱল প্ৰত্যক্ষ কৰ আইন খনক বুজিবলৈ সহজ কৰিছে, অস্পষ্টতা আঁতৰ কৰা হৈছে যাৰ বাবে গোচৰৰ পৰিসৰ হ্ৰাস পাইছে। ১৯৬১ চনৰ আয়কৰ আইনখনৰ তুলনাত ইয়াৰ পাঠ্যৰ পৰিমাণ আৰু ধাৰা প্ৰায় ৫০ শতাংশ হ্ৰাস পোৱা বুলি উল্লেখ কৰিছে বিত্তমন্ত্ৰী সীতাৰমণে। এই আইন খনৰ জৰিয়তে কৰদাতাসকলে সময়সীমাৰ পিছত আইটিআৰ দাখিল কৰিলেও টিডিএছ ৰিফাণ্ড দাবী কৰিব পাৰে। এই ক্ষেত্ৰত কোনো ধৰণৰ শাস্তিমূলক জৰিমনা নোহোৱাকৈ এই কাৰ্য সম্পন্ন কৰিব পাৰিব বুলিও কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰণে।