সোণালী জয়ন্তী উদযাপন উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্বোধনী অনুষ্ঠান

Share
গুৱাহাটী প্ৰেছ ক্লাৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন উদ্বোধনী অনুষ্ঠান ২০ মাৰ্চ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ তথ্য় আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকাই জ্যেষ্ঠ সাংবাদিকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানতো অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰেছ ক্লাৱৰ গৃহ নিৰ্মাণকাৰ্যৰ ভাৰ্চুৱেলী শিলান্যাস আৰু সাংবাদিক সন্তানৰ বাবে ” গিফট এ চাইল্ড এডুকেচন” শীৰ্ষক বিশেষ আঁচনি উদ্বোধন কৰা কথা আছিল যদিও বিশেষ এৰাব নোৱাৰা কাৰণত মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। পিছত মন্ত্ৰী পীয়ুষ হাজৰিকাই এই অনুষ্ঠানৰ উদ্বোধন কৰে।
ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই ভাৰতীয় সংবাদ মাধ্যমৰ প্ৰায় ২৪৩ বছৰীয়া আৰু অসমৰ সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া গৌৰৱউজ্বল ইতিহাসৰ কথা স্মৰণ কৰে। অনুষ্ঠানত মন্ত্ৰী হাজৰিকাৰ লগতে ” দা আছাম ট্ৰিবিউন” কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱা, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসম ৰাজ্যিক তথা আয়ুক্ত ড° সমুদ্ৰ গুপ্ত কাশ্যপ, গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত মিছনপ্ৰধান ৰাহুল আমিন সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিকসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়। বহুকেইজন আগশাৰীৰ জ্যেষ্ঠ সাংবাদিকে এই বঁটা লাভ কৰে লগতে মুকলি সভাৰ পূৰ্বে ৫০ গৰাকী জ্যেষ্ঠ সাংবাদিকে সোণালী জয়ন্তী উপলক্ষে ৫০ গছি বন্তি প্ৰজ্বলন কৰে।ইয়াৰ পূৰ্বে পূৱা গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাংগণত পতাকা উত্তোলন কৰে সভাপতি মনোজ কুমাৰ নাথে। স্মৃতি তৰ্পণ কৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে। সন্ধিয়া বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীয়ে সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে। অনুষ্ঠানত জুবিন গাৰ্গ, দীক্ষু, খগেন গগৈকে ধৰি বহুকেইজন ন পুৰণি শিল্পী তথা সাংবাদিক-সংবাদ কৰ্মীয়ে গীত পৰিৱেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *