ভগৱান গণেশৰ নামতো আহিল আধাৰ কাৰ্ড,আধাৰ কাৰ্ড ভাইৰেল কিন্তু কেনেকৈ জানক?

Share

এতিয়াও সামাজিক মাধ্যমত ভাইৰেল এটি বিষয়।ভগৱান গণেশৰ আধাৰ কাৰ্ড।সমগ্ৰ দেশতে গণেশ চতুৰ্থী পালন কৰা হয়।গণেশ চতুৰ্থী উপলক্ষে ভগৱান গণেশক ভক্তসকলে আদৰণি তথা পূজা-অৰ্চনা কৰাৰ অৰ্থে আৰম্বৰপূৰ্ণভাৱে আয়োজন কৰা পৰিলক্ষিত হৈছিল অনুষ্ঠানসমূহ।পিছে ঝাৰখণ্ডত সজোৱা গণপতিৰ পেণ্ডেল এটা আজিও হৈ পৰিছে চৰ্চাৰ বিষয়।কিয়নো ইয়াত ভগৱান গণেশৰ আধাৰ সৈতে তৈয়াৰ কৰা হৈছে এটা পেণ্ডেল।হয়তো আপুনি শুনিও আচৰিত হৈ পৰিব কিন্তু এয়াই সচাঁ।

এতিয়া এই পেণ্ডেলটোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।এই পেণ্ডেলৰ জৰিয়তে ভক্তিৰ লগতে লোকসকলকো সজাগ কৰা হৈছে।এই পেণ্ডেলটো নিৰ্মাণ কৰা হৈছে ঝাৰখণ্ডৰ জামছেদপুৰত।ঝাৰখণ্ডৰ জামছেদপুৰত নিৰ্মাণ কৰা হৈছে এই পেণ্ডেলটো।জামছেদপুৰত ভগৱান গণেশৰ আধাৰ কাৰ্ডসদৃশ বনোৱা হৈছে এই পেণ্ডেল।আধাৰ কাৰ্ডৰ সৈতে এই পেণ্ডেলত গণেশৰ নাম,ঠিকনা আৰু জন্ম তাৰিখকে ধৰি সকলো তথ্য দিয়া হৈছে।আধাৰ কাৰ্ডত থকা ছবিখনৰ পৰিৱৰ্তে গণপতিৰ মূৰ্তি ৰখা হৈছে।ইয়াৰ লগতে,এটা বাৰকোডও ইনষ্টল কৰা হৈছে,যিটো স্কেন কৰিলে গুগল লিংক এটা খোলে।য’ত গণেশৰ সম্পূৰ্ণ তথ্য, পিতৃ মহাদেৱ,কৈলাশ পৰ্বত,মানস সৰোবৰ হ্ৰদ,পিনকোড-০০০০০১ আৰু জন্মৰ বছৰ ০১-০১-৬০০ লিখা আছে।এতিয়া এই বিষয়টোৱে সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *