মূল্যবৃদ্ধিৰ মাজতে অৰুণোদয়  হিতাধিকাৰীৰ বাবে আহিল সু-খবৰ ! এইবাৰ ৰাজ্য চৰকাৰে প্রদান কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা 

Share
গুৱাহাটী, ৯ এপ্রিলঃ  ৰাজ্যৰ বজাৰত আকাশলংঘী মূল্যবৃদ্ধিয়ে জুই লগাই থকাৰ সময়তে অৰুণোদয় আঁচনিৰ অধীনত , অৰুণোদয় লাভ কৰা হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যৰ ২০ লাখ ‘অৰুণোদয়’ লাভ কৰা হিতাধিকাৰীয়ে লাভ কৰিব এইবাৰ বিনামূলীয়া বিদ্যুত সেৱা ।
‘অৰুণোদয়’ হিতাধিকাৰীয়ে প্রতিমাহে ৭০ মেগাৱত বিদ্যুত বিনামূলীয়াকৈ লাভ কৰিব । বিদ্যুত ৰেহাইৰ বাবত প্রতিগৰাকী হিতাধিকাৰীৰ একাউন্টত ৰাজ্য চৰকাৰে প্রদান কৰিব ২৫০ টকাকৈ । তেওঁলোকে ৭০ মেগাৱত বিদ্যুতৰ মাচুল বিদ্যুত বিভাগক আদায় দিব লাগিব । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰী কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
তদুপৰি , সৰুসজাই ষ্টেডিয়ামত দিব্যাংগসকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে —” অহা ১৫ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰৰ ভিতৰত ‘ অৰুণোদয় সপ্তাহ ‘ অনুষ্ঠিত হ’ব । এই অৰুণোদয় সপ্তাহতে নতুনকৈ আৰু ৬ লাখ হিতাধিকাৰী অন্তৰ্ভূক্ত কৰা হ’ব ।পূৰ্বতে অৰুণোদয়ত নাম অন্তৰ্ভূক্ত হিতাধিকাৰীৰ পৰা কিছুসংখ্যকৰ নাম কৰ্তন কৰা হ’ব আৰু সেই স্থানত নতুনকৈ অতিৰিক্ত হিতাধিকাৰীৰ নাম অন্তৰ্ভূক্ত কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *