এতিয়াৰে পৰা অপৰাধ কৰি সাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী। ৰাজ্যত দিনক দিনে অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্রত বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী। Criminal Procedure Identification Act, 2022 ৰ অধীনত অসমত স্থাপন কৰা হৈছে Measurement Collection Unit চমুকৈ এম চি ইউ। শুক্ৰবাৰে এখন সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান তথা চি আই ডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই MCU কথা সদৰী কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে অপৰাধমূলক তথ্য বৈজ্ঞানিকভাৱে সংগ্ৰহ আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে, যাৰ ফলত অভ্যাসগত অপৰাধীসকলে আইনৰ পৰা সাৰি যোৱাটো অসম্ভৱ হৈ পৰিব।
উন্নত বৈজ্ঞানিক কৌশল ব্যৱহাৰ কৰি অপৰাধীৰ ডি এন এৰ নমুনা ৰেকৰ্ড কৰি সংৰক্ষণ কৰিব এম চি ইউয়ে। এই ব্যৱস্থাত বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ হ‘ব অপৰাধীৰ চকুৰ ৰেটিনা৷ ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত স্থাপন হৈছে Measurement Collection Unit ব্যৱস্থা। যিবিলাক অপৰাধীয়ে মহিলা বা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰে বা এনে অপৰাধী যাৰ অপৰাধৰ শাস্তি সাত বছৰতকৈ অধিক, তেনে আপৰাধীৰ বায়‘লজিকেল ছেম্পল সংগ্ৰহ কৰা হ’ব এই MCU ৰ জৰিয়তে। এইদৰেই এতিয়া জিলাই জিলাই অপৰাধীৰ ডাটা ভঁৰাল গঠন হ’ব৷ অসম আৰক্ষীয়ে নীতি অনুসৰি যিবোৰ অপৰাধীৰ DNA আদি বায়’লজিকেল ডাটা সংগ্ৰহ কৰিব লাগে সেই অনুসৰি Measurement Collection Unit ডাটা বেছত ডাটা ভৰোৱা আৰম্ভ কৰিছে বুলি মুন্নাপ্ৰসাদ গুপ্তাই জানিবলৈ দিয়ে। চি আই ডিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই আৰু কয় যে- ‘‘আগতে কোনো অপৰাধী গ্ৰেপ্তাৰ হ’লে ফিংগাৰপ্ৰিণ্ট ৰখাৰ নিয়ম আছিল । কোনো অপৰাধ হ’লে মিলাই চাব পৰা যায় । এতিয়া সেইটো আৰু অধিক বহল কৰা হৈছে। এম চি ইউৰ দ্বাৰা সৰ্বভাৰতীয় এটা ডাটা বেংক হ’ব । যিদৰে ফিংগাৰপ্ৰিণ্ট ৰখা হয় । ডি এন এ ডাটা বেংক তৈয়াৰ হ’ব । ক’ৰবাত অপৰাধ হ’লে আমি ডি এন এ ডাটা বেংকত ছাৰ্জ কৰিব পাৰিম । অপৰাধীক আমি ছাৰ্জ কৰিব পাৰিম । বৰ্তমানৰ ফিংগাৰপ্ৰিণ্ট ডাটাবেছৰ দৰেই এম চি ইউয়ে অপৰাধীৰ ৰেটিনা আৰু সম্পূৰ্ণ শৰীৰৰ ডাটা স্কেন কৰি কেন্দ্ৰীভূত ডিজিটেল ডাটাবেছত সংৰক্ষণ কৰিব । এই তথ্যসমূহ পিছত ভাৰতৰ যিকোনো ঠাইৰ পৰা লাভ কৰিব পৰা যায় । যাৰ ফলত আৰক্ষীয়ে যিকোনো অপৰাধমূলক গোচৰৰ সৈতে জড়িত তথ্যসমূহ দ্ৰুতভাৱে ক্ৰছ-চেক কৰিব পাৰে । এম চি ইউত সংযুক্ত চফ্টৱেৰে অপৰাধৰ সৈতে জড়িত অপৰাধীসকলৰ তৎক্ষণাত পৰীক্ষণ সক্ষম কৰে । যাৰ ফলত তদন্ত যথেষ্ট ক্ষীপ্ৰ হ’ব । অসমৰ সকলো জিলা সদৰত এই ব্যৱস্থা ৰূপায়ণ কৰা হৈছে ।’’
আগতে কোনো অপৰাধীৰ আদালতত দোষী সাব্যস্ত হ’লে, ফিংগাৰপ্ৰিণ্ট লোৱাৰ নিয়ম আছিল। ভৱিষ্যতে যেতিয়া কিবা অপৰাধ হয় তেতিয়া, ক্ৰাইম শ্বীনৰ পৰা ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰা হয় । সেই ফিংগাৰপ্ৰিণ্ট ডাটাবেচৰ লগত মিলাই চোৱা হয় যে আগতে অপৰাধ কৰা কোনো অপৰাধীয়ে এই অপৰাধ কৰিছে নেকি? এতিয়া নতুন Criminal Procedure (Identification) Act, 2022 মতে ফিংগাৰপ্ৰিণ্টৰ উপৰিও কিছুমান তথ্য সংগ্ৰহ কৰিব পাৰি। যেনে অপৰাধীৰ ৰেটিনা স্কেন, DNA আদি সংৰক্ষণৰ ব্যৱস্থা আছে। গতিকে ইযাৰ দ্বাৰা অতি সহজতেই অপৰাধীক কৰায়ত্ত কৰিব পৰা যাব। এই তথ্যসমূহ সংগ্ৰহ কৰিবৰ বাবে Measurement Collection Unit ভাৰত চৰকাৰৰ National Crime Report Burau সহায়ত প্ৰত্যেকখন জিলাত ইতিমধ্যে এই স্থাপন কৰা হৈছে। এতিয়া MCU ৰ জৰিয়তে বৈজ্ঞানিক আৰু প্ৰযুক্তিৰ ভিত্তিত অসম আৰক্ষীয়ে ৰাজ্যবাসীক কিমান নিৰাপত্তা দিব লগতে কিমান অপৰাধী নিৰ্মূল কৰিব পাৰিব সেয়া সময়ত হ’ব লক্ষ্যণীয়।