ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে ভূৱা TET উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰে চাকৰি পোৱা শিক্ষক-শিক্ষয়িত্ৰী

Share
উপাসনা ডেকা ,৫ অক্টোৱৰঃ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ভূৱা TET উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰে চাকৰি লোৱা ২১ জন শিক্ষকে গ্ৰেপ্তাৰ কৰিছে। BTR ৰ ৫২জনকৈ ভূৱা শিক্ষকে জালিয়তিৰে চাকৰি লোৱাৰ অভিযোগ পোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই বিষয়ে অনুসন্ধানৰ বাবে CID য়ে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ৪২০,৪৬৭,৪৬৮ আৰু ৪৭১ধাৰাৰ অধীনত ১০/২০২১ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।এই তদন্তত মুঠ ৩৬জন শিক্ষকে ভূৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱাৰ তথ্য বৰ্তমান CID ৰ হাতত পৰে। এই পৰ্যন্ত মুঠ ২১জন শিক্ষকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ১০ জন তামুলপুৰৰ,হাজোৰ ৬ জন , ছয়গাঁওৰ ১জন , মাটিয়াৰ ২জন , চিৰাঙৰ এগৰাকীক আতক কৰে। এই সকল অভিযুক্তক জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশ অনুসৰি সোমবাৰে CID য়ে তিনিদিনৰ বাবে জিম্মাত  লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *