১ ডিচেম্বৰ আৰ্থাৎ সোমবাৰে আছিল বিহাৰ বিধানসভাৰ নিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ। ৰাজ্যপালৰ দ্বাৰা নিযুক্ত Protem speaker এ শপত বাক্য পাঠ কৰাই নিৰ্বাচিত বিধায়কক। এই শপত গ্ৰহণৰ বাবে হিন্দী, ইংৰাজী, সংস্কৃত, ওৰ্দু ভাষাৰ লগতে মৈথেলি ভাষাও উপলব্ধ আছিল। এই অনুস্থানত সকলোকে আকৰ্ষিত কৰি দেশৰ ভিতৰতে কণিষ্ঠতম বিধায়িকা মৈথিলি ঠাকুৰে শপত গ্ৰহণ কৰে মৈথেলি ভাষাত। ইয়াৰ উপৰিও মৈথিলি ঠাকুৰে ঐতিহাসিক মিথিলা পাগ আৰু মধুবনী চিত্ৰযুক্ত হালধীয়া শাড়ী পিন্ধি শপত গ্ৰহণ অনুস্থানত উপস্থিত হৈছিল।
প্ৰাকৃতিক ৰং আৰু ৰঞ্জক চিত্ৰসমূহত ব্যৱহাৰ কৰি এই মধুবনী বস্ত্ৰ তৈয়াৰ কৰা হয়। এই সাজ-সজ্জা আৰু ভাষাৰ জৰিয়তে মৈথিলি ঠাকুৰে মিথিলা সংস্কৃতিৰ প্ৰতি গভীৰ সন্মান প্ৰকাশ কৰিছে। মৈথিলি ঠাকুৰে বিহাৰৰ আলিনগৰ সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ৰাষ্ট্ৰীয় জনতা দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিনোদ মিশ্ৰক ১১,৯৭২ টা ভোটত পৰাস্ত কৰি বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা মৈথিলি ঠাকুৰে ৮৪,৬১১ টা ভোট লাভ কৰি জয়ী হৈছিল।
মাত্ৰ ৪ বছৰ বয়সৰ পৰা সংগীতৰ প্ৰশিক্ষণ লোৱা মৈথিলি ঠাকুৰে ১০ বছৰ বয়সৰ পৰাই সংগীতানুস্থানত গান গাবলৈ আৰম্ভ কৰিছিল। ২০১১ চনত মৈথিলি জি টিভিত প্ৰচাৰিত লিটিল চেম্পৰ প্ৰতিযোগী আছিল। ইয়াৰ ৪ বছৰৰ পাছত চনী টিভিত সম্প্ৰচাৰিত হোৱা Indian Idol Juniors ত প্ৰতিদ্বন্দিতা আগৱঢ়াইছিল। ২০১৬ চনত আই জিনিয়াছ ইয়ং চিংগিং ষ্টাৰ প্ৰতিযোগিতাত জয়ী হৈছিল। সংগীত জগতৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত খোজ দিয়া মৈথিলি এতিয়া দেশৰ কণিষ্ঠতম বিধায়িকা। মৈথিলিয়ে আগন্তুক দিনত নিজৰ ৰাজনৈতিক দক্ষতা কেনেদৰে প্ৰকাশ কৰে, ৰাইজে মৈথিলিক কেনেদৰে আকোৱালি লয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব। আমিও মৈথিলিৰ ৰাজনৈতিক জীৱনলৈ শুভেচ্ছা জনাইছো।