নতুন দিল্লীত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ

Share

মণিপুৰৰ কুকি-জোমি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সঘনাই উত্তেজনা সংঘটিত হোৱাৰ ফলত মণিপুৰত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সৃষ্টি হয়।২২ তাৰিখ দেওবাৰে নতুন দিল্লীত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।গৃহমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হয়।মণিপুৰত দীৰ্ঘদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি নাইকিয়া কৰি কেনেদৰে পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পাৰি তাৰ বিষয়ে আলোচনা কৰে দুয়োগৰাকীয়ে।সামাজিক মাধ্যমত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে লিখিছে-‘‘আজি নতুন দিল্লীত সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। মোৰ লগত সন্মানীয় উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেন আৰু এল দিখো উপস্থিত আছিল।শান্তি, স্থিতিশীলতা, পুনৰ্বাসন আৰু প্ৰগতিৰ ব্যৱস্থাকে ধৰি মণিপুৰ সম্পৰ্কীয় মূল বিষয়সমূহৰ ওপৰত আমাৰ বিশদ আৰু গঠনমূলক আলোচনা হৈছিল।’’

মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীক কেন্দ্ৰ কৰিয়েই এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।পৰিস্থিতিয়ে ভয়াভহ ৰূপ ল’লেই ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় মণিপুৰত।মণিপুৰত প্ৰথম ২০২৩ চনৰ ৩ মে’ত জাতিগত হিংসা সংঘটিত হৈছিল।তাৰ পাছৰে পৰা ২০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হৈছিল।সংঘৰ্ষৰ ফলত আৰু হাজাৰ লোক স্থানচ্যুত হৈছে।পাহাৰীয়া জিলাসমূহৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ বাবে অনুসূচিত জনজাতি(এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবীৰ প্ৰতিবাদত ‘জনজাতি সংহতি ৰেলী’ৰ আয়োজন কৰাৰ পৰাই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *