নাৰায়ণপুৰত বানে লৈছে সংহাৰী ৰূপ।ভদীয়া বানৰ কৱলত নাৰায়ণপুৰৰ কেইবাখনো গাঁৱ প্লাৱিত হৈছে।অৰুণাচলৰ পৰা বৈ অহা দোৰপাং নৈৰ বাঢ়নী পানীয়ে নাৰায়ণপুৰৰ কেইবাখনো গাঁৱত লৈছে সংহাৰী ৰূপ।কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত দোৰপাং নৈৰ জলপৃষ্ঠ উফণ্দি উঠিছে।তৰানিখাট আৰু আঠানিবড়ী সংযোগী ৫০ মিটাৰ দৈৰ্ঘ্যৰ বিশেষ পথতো বানৰ সোঁতে উটোৱাই নিয়ে।নাৰায়ণপুৰবাসী ৰাইজৰ চকুৰ পলকতে উটি গ’ল সদাব্যস্ত পথতো।ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।ভদীয়া বানৰ কবলত বুৰ গ’ল নাৰায়পুৰৰ কৃষকৰ বিঘাই বাঘাই শালি খেতিৰ মাটি।সহস্ৰাধিক লোকেই এতিয়া ভদীয়া বানৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে।বানপীড়িত ৰাইজে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।