গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : ভাৰতত অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ ট্ৰফী ১০ ছেপ্টেম্বৰত গুৱাহাটীত প্রদর্শন কৰা হয়। বর্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামৰ ১১ য়াৰ্ডছ ক্লাবৰ অডিট’ৰিয়ামত আজি বিশ্বকাপৰ ট্ৰফীটো প্ৰদৰ্শন কৰা হয়। এ চি এৰ নীতি নিৰ্ধাৰক সদস্য আৰু প্ৰাক্তন নীতি নিৰ্ধাৰকৰ সদস্যৰ লগতে প্রাক্তন ক্ৰিকেটাৰ আৰু ক্ৰিকেট অনুৰাগীৰ উপস্থিতিত ট্ৰফীটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া, এ চি এৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিপ কোঁৱৰে।
৯১ য়াৰ্ডছ ক্লাবৰ অডিট’ৰিয়ামত আয়োজিত এক সংবাদ মেল সম্বোধন কৰি বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়াই কয় যে গুৱাহাটীৰ বাবে এই সম্মানীয় ট্ৰফীটো প্ৰত্যক্ষ কৰিবলৈ পোৱাটো গৌৰৱৰ মুহূৰ্ত। মহাকাশ ভ্ৰমণ কৰাৰ পিছত ১৮খন দেশ ভ্ৰমণ কৰি ট্ৰফীটো আজি গুৱাহাটীত উপস্থিত হৈছে। এতিয়ালৈকে কোনো ট্ৰফীয়ে ইমানদূৰ যাত্ৰা কৰা নাই। গুৱাহাটীত এই ট্রফী পাই আমি অত্যন্ত সন্মানিত আৰু উৎসাহিত হৈছোঁ। ১০ ছেপ্টেম্বৰৰ পুৱা গুৱাহাটীৰ ছাউথপইন্ট স্কুলত বিশ্বকাপৰ ট্ৰফীটো প্ৰদৰ্শন কৰা হয়।