এতিয়ালৈ ১৬ কোটি টকাৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী অসমত, আজাদী কা অমৃত মহোৎসৱ পুৰ্ণ সফলতা

Share

ডিজিটেল ডেস্কঃ এতিয়ালৈ ১৬ কোটি টকাৰো অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী। আত্মসহায়ক গোটৰ ১২ কোটি ৪৭ লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী। সুলভ মূল্য দোকানৰ জৰিয়তে এতিয়ালৈ ৩ কোটি ৬০ লাখ পতাকা বিক্ৰী। মুকলি, বজাৰ, ব্যক্তিগত প্ৰতিষ্ঠান বজাৰ, ফুটপাথ আৰু ব্যক্তিগত প্ৰতিষ্ঠানত অধিক সংখ্যক বিক্ৰী হৈছে। আজাদী কা অমৃত মহোৎসৱত ৰাজ্য চৰকাৰে আহ্বান জনায় ‘ হৰ ঘৰ ত্ৰিৰংগা’ ৰ প্ৰতি অসমৰ ৰাইজে বিপুল সঁহাৰি ফলত এতিয়ালৈ অসমত ১৬.০৭ কোটিতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী।

দেশে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত ৰাজ্য চৰকাৰে ঘৰে ঘৰে, বে-চৰকাৰী  কাৰ্যালয়, প্ৰতিষ্ঠান, দোকান, মন্দিৰ, মছজিদ আদি ৮০ লাখৰো অধিক ৰাষ্ট্ৰীয় উত্তোলনৰ আহ্বান জনাইছে। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে সুদীৰ্ঘ ৭ বছৰৰ মূৰত ১৫ আগষ্টৰ দিনটোত বন্ধ ঘোষণা কৰিছে যদিও চৰকাৰে জনোৱা ‘ হৰ ঘৰ ত্ৰিৰংগা’ অভিযান প্ৰতি  ৰাইজে যে ব্যাপক সঁহাৰি দিব সেই কথা লাখ লাখ মহিলাৰ জৰিয়তে প্ৰস্তুত কৰা ১৬ কোটিৰো অধিক টকাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হোৱা কাৰ্যই স্পষ্ট কৰি তুলিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *