ৰাজ্যত এতিয়াৰে পৰা আধাৰকাৰ্ড প্ৰদানৰ ক্ষেত্ৰত অধিক কটকটীয়া হৈছে চৰকাৰ । সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে জানিবলৈ দিয়ে । বুধবাৰে কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিদেশী নাগৰিকক আধাৰকাৰ্ডৰ পৰা বঞ্চিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । আধাৰকাৰ্ড প্ৰদানত নতুন নিয়ম অনুসৰি চক্ৰ বিষয়াৰ পৰ্য্যায়ত আধাৰ আবেদনকাৰীৰ তথ্য সংগ্ৰহ কৰা হ’ব । এন আৰ চি আবেদন নকৰা ব্যক্তিয়ে আধাৰকাৰ্ড নাপাব । সকলো তথ্য পৰীক্ষা কৰিহে আধাৰকাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় । এতিয়াৰে পৰা অকল ডিজিটেল পদ্ধতিৰেই নহয় , পূৰ্বৰ দৰেই মৌজাদাৰক নগদ ধন দিও ৰাইজে মাটিৰ পট্টা প্ৰদানৰ নিয়ম শিথিল কৰাৰ সিদ্ধান্ত লোৱা হয় ।