নিউজ ডেস্কঃ ৩৫ বছৰলৈ লীজত দিয়া হ’ব ৰে’লৱেৰ মাটি। ২০২১ চনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী গতি শক্তি ফ্ৰেমৱৰ্ক প্ৰকল্পৰ সফল ৰূপায়নত সহায়ক হ’বলৈ এই সিধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। এই প্ৰকল্পৰ অধীনত অহা পাঁচ বছৰৰ ভিতৰত বিকাশ সাধন কৰা হ’ব। এই প্ৰকল্পৰ অধীনত ১৮ টা মন্ত্ৰণালয় সামৰি এক মঞ্চ গঠন কৰা হৈছে। উল্লেখযোগ্য যে, এই আঁচনিৰ ৰূপায়নৰ ফলত ৯০ দিনৰ ভিতৰত ১.২ লাখ চাকৰিৰ সৃষ্টি হ’ব।