নিউজ ডেস্ক, ১১ আগষ্টঃ এই বৰ্ষৰ কমনৱেলথ গেমছ অনুস্থিত হৈছিল ইংলেণ্ডৰ বাৰ্মিংহামত। কমনৱেলথ গেমছত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছিল অসম গৌৰৱ তথা ধিং এক্সপ্ৰেছ হিমা দাসে। এই গেমছত অতি সুন্দৰভাৱে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল হিমা দাস।
কমনৱেলথ গেমছত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। খেলুৱৈ গৰাকীয়ে কয় যে, “কমনৱেলথ গেমছ এটা অতি ডাঙৰ গেম। মই দ্বিতীয়বাৰৰ বাবে এই গেমছত অংশগ্ৰহণ কৰিছো। এই গেমছৰ জৰিয়তে মই বিভিন্ন দেশৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হ’লো, লগতে এটা ভাল অনুভৱ হ’ল। তেওঁ কয় যে মই কেতিয়াওঁ শেষ হৈ নাযাও। অসমত খেলৰ বিষয়ে ভালকৈ জনাটো প্ৰয়োজন আছে।এক মাইক্ৰ ছেকেণ্ড মানুহৰ বাবে কিমান প্ৰয়োজনীয় সেইটো এই গেমছৰ জৰিয়তে শিকিলো। “