মনোজ মৰম
অসমৰ পৰ্যতনস্থলী সমূহৰ ভিতৰত অন্যতম পৰ্যতনস্থলী হৈছে চানডুবি বিল । যিখন বিল অসম-মেঘালয় সীমান্তৰ প্ৰকৃতিৰ মাজত অৱস্থিত । যি কিছুবছৰ পূৰ্বলৈকে প্ৰকৃতিৰ মাজত অনাবিল সৌন্দৰ্য্যৰে ভৰি আছিল । কিন্তু সেই বিলখনলৈ নামি আহিছে বৰ্তমান এক বৃহৎ ভাবুকি । হ্ৰাস পাইছে ইয়াৰ জলভাণ্ডাৰ । চানডুবি আৰু কুলশী নদীৰ সংগমস্থলী লকেয়াৰে চানডুবিৰ পানী ওলাই গৈ পৰে কুলশীত, আৰু কুলশীৰ গভীৰতা গভীৰ বাবেই হ্ৰাস পাই আহিছে চানডুবিৰ পানী ।
বিলখনত থকা পিতনিবোৰেও বাম কৰি পেলাইছে চানডুবি আৰু যাৰ ফলতেই চানডুবিত থকা মাছ-কাছলৈকো আহি পৰিে এক বৃহৎ ভাবুকি । অসম চৰকাৰৰ বিয়াগোম পৰ্যতন বিভাগেও বৰ্তমানলৈকে বিলখনৰ সংৰক্ষণৰ কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । কেৱল মাত্ৰ আশ্বাস দিয়েই দায়িত্ব সামৰিছে । সংৰক্ষণৰ ব্যৱস্থা নকৰিলে অতিশীঘ্ৰে নিচিহ্ন হৈ যাব চানডুবি বিল ।