গুৱাহাটী, ১৮ জানুৱাৰীঃ ৰাজ্যত এতিয়া ক’ভিড ১৯ ক শীৰ্ষ পৰ্যায়ত দেখিবলৈ পোৱা গৈছে । ক’ভিডৰ লক্ষণ সম্পৰ্কত ডাঃ অভিজিত শৰ্মাই জনাই যে, জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতা আদিৰ লক্ষণ দেহত দেখা পোৱা যায় তেনেহ’লে পলম নকৰি চিকিৎসালয়লৈ যোৱাটো অত্যন্ত জৰুৰী । এই সময়ছোৱাত দৈনিক ১০ হাজৰ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। এই মন্তব্য প্ৰকাশ কৰিছে জি এম চি এইছৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই। মঙ্গলবাৰে ডাঃ শৰ্মাই কয় যে, । ২৫০ জন ৰোগী জি এম চি এইছত আৰু ২৫০ জন সৰুসজাইত চিকিৎসাধীন হৈ আছে।
২৩৫ জন কোভিড আক্ৰান্ত লোকে সোমবাৰে জি এম চি এইছৰ পৰা হোম আইচলেশ্যন লৈছে ।
আনহাতে ডাঃ শৰ্মাই কয় যে, গুৱাহাটীত ৪০ শতাংশ মানুহে এতিয়াও মাস্ক পৰিধান কৰা নাই। কিছুসংখ্যকে নাকৰ তলত মাস্ক পিন্ধিছে। জন সমাগম হোৱা স্থানত প্ৰায় সংখ্যক লোকেই সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ পূৱৰ হাব হোৱাৰ বাবে ক’ভিড আক্ৰান্তৰ সংখ্যা গুৱাহাটীত বৃদ্ধি পাইছে ৷