মাধুৰ্য্য শইকীয়া ,২৩ছেপ্তেম্বৰ২০২১ঃৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে উচ্ছেদ অভিযান চলাই থকাৰ মাজতে চামুগুৰি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনে ছিপাঝাৰৰ উচ্ছেদ অভিযানক লৈ সৰৱ হৈ পৰিছে ।ৰকিবুল হুছেইনে মন্তব্য কৰিছে যে যদি ছিপাঝাৰৰ লোক সকল বিদেশী তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়ক ।তেওঁ চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি কৈছে যে দৰিদ্ৰ লোকক উচ্ছেদ কৰি চৰকাৰ সফল হ’ব নোৱাৰে ।তেওঁ বিষয়টো সম্পৰ্কত অতি শীঘ্ৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত বহিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।