২০২৮ চনৰ লছ এন্ঞ্জেলে্ছ অলিম্পিকত আই চি চিয়ে ক্রিকেটক অন্তর্ভুক্তিৰ দাবী জনাব

Share

মাধুৰীমা ৰায়

ডুবাই, ১১ আগষ্ট: অলিম্পিকক বিশ্বৰ সকলোতকৈ প্রাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্রতিযোগিতা বুলি গণ্য কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। কিন্তু এতিয়ালৈকে ক্রিকেটে অলিম্পিকত স্থান পোৱা নাই। ২০২৮ চনত লছ এন্ঞ্জেলে্ছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত ক্রিকেটকো অন্তর্ভুক্ত কৰিবলৈ দাবী জনাব আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে (আই চি চি)। উল্লেখ্য যে অলিম্পিকত ক্রিকেটক অন্তর্ভুক্ত কৰিবলৈ আই চি চিয়ে বিগত কিছু সময়ৰ পৰা চেষ্টা চলাই আহিছে।

আই চি চিৰ এই প্রচেষ্টাক বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডেও (বি চি চি আই) সমৰ্থন জনাইছে। উল্লেখযোগ্য যে ১৯৯৮ চনৰ কমনৱেলথ গেমছত ক্রিকেটক অন্তর্ভুক্ত কৰা হৈছিল। বাৰ্মিংহামত ২০২২ চনত হ’বলগীয়া কমনৱেলথ গেমছত মহিলাৰ ক্রিকেটক অন্তর্ভুক্ত কৰা হ’ব।

যদিহে ক্রিকেটক অলিম্পিকতো অন্তর্ভুক্ত কৰা হয় তেনেহলে ক্রিকেট অনুৰাগী সকলৰ বাবে এয়া অতি সুখৰ খৱৰ হব। কিয়নো বিশ্ব পৰ্যায়ত ক্রিকেটৰ এশ কোটিতকৈ অধিক সমৰ্থক আছে আৰু ইয়াৰে ৯০@ ই ক্রিকেটক অলিম্পিকত অন্তৰ্ভুক্ত হোৱাটো বিচাৰে। অৱশ্যে লছ এন্ঞ্জেলে্ছ অলিম্পিকৰ ৱেবছাইটত প্রকাশ পোৱা অনুসৰি ২০২৮ চনৰ অলিম্পিকত ক্রিকেটক অন্তর্ভুক্ত কৰা হ’ব নে নহয় সেই বিষয়ে আই অ’ চি য়ে ২০২৪ চনত সিদ্ধান্ত ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *