বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ প্ৰথমখন চেমি ফাইনেলত মুখামুখি হ’ব আফগানিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকা।কাইলৈ পুৱা ৬ বজাত ত্ৰিনিদাদৰ ব্ৰয়নলাৰাত অনুষ্ঠিত হ’ব এই খেল।আনহাতে দ্ধিতীয় খন চেমি ফাইনেলত মুখামুখি হ’ব ভাৰতৰ বিৰুদ্ধে ইংলেণ্ড।নিশা গায়ানাত অনুষ্ঠিত হ’ব দ্বিতীয় খন চেমি ফাইনেল।
প্ৰথমবাৰ ছেমিত প্ৰৱেশেৰে ইতিহাস ৰচিলে আফগান সকলে। প্ৰথমবাৰ টি-২০ বিশ্বকাপৰ চেমি ফাইনেলত স্থান লাভ কৰা আফগানিস্তানৰ বাবে হ’ব বৃহস্পতিবাৰৰ মেচখন এক বিশেষ প্ৰত্যাহ্বানৰ এখন মেচ।