দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক আটক হায়দৰাবাদ আৰক্ষীৰ

Share

ছুপাৰহিট ফিল্ম পুষ্পা-২ প্ৰিমিয়াৰৰ সময়ত যোৱা ৪ ডিচেম্বৰত হায়দাৰবাদৰ সন্ধ্যা হলত সংঘটিত হৈছিল পদপৃষ্ট হোৱাৰ এক ভয়ংকৰ ঘটনা ৷পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত ছবিখনৰ অভিনেতা-অভিনেত্ৰী আল্লু অৰ্জুন, ৰশ্মিকা মান্দান্না আৰু ইয়াৰ দলটোও হায়দৰাবাদৰ এটা হ’লত হঠাৎ উপস্থিত হয় ।প্ৰিয় তাৰকাসকলক ওচৰত দেখি ছবিগৃহত সৃষ্টি হৈছিল হুলস্থুল পৰিবেশৰ ।সেই হুলস্থুল পৰিবেশতে তাৰকাসকলক চাবৰ বাবে অনুৰাগীসকলৰ মাজত লাগে হেচাঁ-থেলা ।লগতে পৰিবেশ নিয়ন্ত্ৰণৰ বাহিৰ  হয় ।তাৰ মাজত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাৰ এই হেঁচা-ঠেলাত পৰি ছবিখন চাবলৈ অহা এগৰাকী মহিলাৰ পদপৃষ্ঠ হৈ মৃত্যু হয়।লগতে তেওঁৰ সন্তানটো বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু সন্তানৰ সৈতে  চিনেমাখন চাবলৈ আহিছিল। ইয়াৰ পিছতে এই ঘটনাৰ পিছত আল্লু অৰ্জুনে তেলেংগানা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । লগতে আৰক্ষীয়ে আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তা দল আৰু হল পৰিচালনাৰ বিৰুদ্ধে কেইবাটাও ধাৰাত  গোচৰ ৰুজু কৰিছিল ।আৰু আল্লু অৰ্জুনে ভুক্ত পৰিয়াললৈ ২৫ লাখ টকা প্ৰদান কৰে।ইয়াৰ পিছতো মৃত মহিলাগৰাকীৰ স্বামীয়ে ৫ ডিচেম্বৰত চিক্কাডপল্লী আৰক্ষী থানাত গোচৰটো ৰুজু কৰে । আৰু এই এজাহাৰৰ ভিত্তিত পূৰ্বতে হায়দৰাবাদ আৰক্ষীয়ে আল্লুৰ অৰ্জুনৰ লগতে এই গোচৰৰ লগত জড়িত ৩জনক আটক কৰে।পুনৰ হায়দৰাবাদ আৰক্ষীয়ে আটক কৰে তাৰকাগৰাকীক

Leave a Reply

Your email address will not be published. Required fields are marked *