দক্ষিণ-পশ্চিম ইউৰোপত ভয়াবহ গ্ৰীষ্মপ্ৰবাহৰ ফলত শ শ লোকৰ মৃত্যু

Share

 নিউজ ডেস্কঃ বৰ্তমান গ্ৰীষ্মপ্ৰৱাহে দহিছে সমগ্ৰ বিশ্ব।তাৰ মাজতে গ্ৰীষ্ম প্ৰবাহে দহিছে দক্ষিণ পশ্চিম  ইউৰোপক।এনে গ্ৰীষ্ম প্ৰবাহৰ ফলত দক্ষিণ পশ্চিম ইউৰোপত বিধ্বংসী বনজুয়ে ছাৰখাৰ কৰিছে বিশাল অঞ্চল।যোৱা সপ্তাহৰ প্ৰথমৰ পৰা বনজুইত হাজাৰ হাজাৰ হেক্টৰ ভূমি পুৰি ছাৰখাৰ হোৱাৰ লগতে বহু লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। ফ্ৰান্স,পৰ্টুগাল,স্পেইন আৰু গ্ৰীছত অগ্নি নিৰ্বাপক বাহিনীৰ লোকে অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা কৰি আছে যদিও অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই।আৰু  এয়া হৈছে দক্ষিণ পশ্চিম ইউৰোপত হোৱা দ্বিতীয়টো গ্ৰীষ্মপ্ৰবাহ।

আনহাতে বিজ্ঞাণীসকলে জলবায়ু পৰিবৰ্তনৰ বাবে এনে ঘটণা সংঘটিত হোৱা বুলি  উল্লেখ কৰে।আনফালে বনজুইৰ কাৰণে ফ্ৰান্সৰ জিৰণ্ড অঞ্চলৰ পৰা শণিবাৰে প্ৰায় ১৪ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ  কৰা হয়।খবৰ অনুসৰি অধিক উষ্ণতাৰ সৈতে স্পেইনত গ্ৰীষ্মপ্ৰবাহৰ বাবে যোৱা সপ্তাহত অতি কমেও ৩৬০ জন লোকৰ মৃত্যু হৈছে।লগতে স্পেইনৰ প্ৰতিবেশী দেশ পৰ্টুগালত ৭ৰ পৰা ১৩ জুলাইৰ ভিতৰত যোৱা বৰ্ষতকৈ ২৩৮ জন অধিক লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে।ইফালে ইউনাইটেড কিংডমত অত্য়ধিক গৰমৰ বাবে প্ৰথমবাৰৰ বাবে ৰেড সতৰ্কীকৰণ জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *