কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈকে চলিব পৰীক্ষা। এইবছৰ HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা শাখা, বিজ্ঞান শাখা,বাণিজ্য শাখা আৰু কাৰিকৰি শাখাত অৱতীৰ্ণ হ’ব ৰাজ্যৰ মুঠ ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী।ইয়াৰে ১,৪৪,৫০২ জন ছাত্ৰ আৰু ১,৬২,৫২৩ গৰাকী ছাত্ৰী। ৰাজ্যৰ মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা। কলা শাখাত অৱতীৰ্ণ হ’ব মুঠ ২,৩০,০৯১ গৰাকী পৰীক্ষাৰ্থী।ইয়াৰে ৯০,১৪৬ জন ছাত্ৰ আৰু ১,৩১,৯৪৫ গৰাকী ছাত্ৰী।বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব মুঠ ৫৭,৭২৪ গৰাকী শিক্ষাৰ্থী। তাৰে ৩২,৯৭৭ জন ছাত্ৰ আৰু ২৪,৭৪৭ গৰাকী ছাত্ৰী। বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব মুঠ ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী তাৰে ১২,৫৫৩ জন ছাত্ৰ আৰু ৫,৩৬৬ গৰাকী ছাত্ৰী। কাৰিকৰি শাখাত অৱতীৰ্ণ হ’ব মুঠ ১,২৪১ গৰাকী শিক্ষাৰ্থী ইয়াৰে ৮৬২ গৰাকী ছাত্ৰ আৰু ৪১৫ গৰাকী ছাত্ৰী।