সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচন।নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তৰ। দত্তই ছ’চিয়েল মিডিয়াযোগে অভিযোগ উত্থাপন কৰাৰ পিছত দেশজুৰি সৃষ্টি হৈছে তিব্ৰ প্ৰতিকৰিয়া। কংগ্ৰেছত লিংগ বৈষম্যৰ বলি হোৱাৰ অভিযোগ তুলি মুকলি বিসম্বাদ কংগ্ৰেছ নেত্ৰীগৰাকীৰ।
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কৰ্ণাটক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শ্ৰীনিৱাস বিভিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তোলে অংকিতা দত্তই।একেৰাহে কেইবাটাও টুইট কৰি অভিযোগ তোলাৰ লগতে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভ জাহিৰ কৰিলে অংকিতাই।মহিলা হোৱাৰ বাবেই যুৱ কংগ্ৰেছৰ অধ্যক্ষ শ্ৰীনিৱাস বিভিয়ে অংকিতা দত্তক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে অসমৰ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
আনহাতে অংকিতা দত্তলৈ আইনী জাননী প্ৰেৰণ কৰে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ আইনী কোষে। বিজেপিত ভূৱা তথ্যৰে শ্ৰীনিবায়স বিভিৰ মানহানি কৰিব বিচৰা বুলি উল্লেখ কৰে আইনী জাননীত।
একে সময়তে যুৱ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি অহা অংকিতা দত্তই বিজেপিত যোগদানৰ বাবে পৰিবেশ ৰচনা কৰিবলৈ এইদৰে নাটক কৰিছে।একাংশ যুৱ কংগ্ৰেছীয়ে ইয়াৰ সৈতে কৰ্ণাটক বিধানসভা নিৰ্বাচন সংযোগ থকা বুলি তেওঁলোকে কয় যে অহা ১০ মে’ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পূৰ্ণ সম্ভাৱনা আছে।সৰ্বভাৰতীয় যুৱ কংগ্ৰেছ সভাপতিজন কৰ্ণাটক হোৱা বাবে বিজেপিৰ শ্ৰুতলিপিত বিজেপিত এনে নাটক কৰা বুলিও তেওঁলোকে অভিযোগ কৰে।