চি আৰ পি এফৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ গৃহমন্ত্ৰী অমৃত শ্বাহৰ

Share

পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ।অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে চি আৰ পি এফৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পেৰেড।আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চি আৰ পি এফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ লৈছে অমিত শ্বাহে।পেৰেডত প্ৰায় ১৪০০ জন চি আৰ পি এফ জোৱানে অংশগ্ৰহণ কৰিছে।চি আৰ পি এফৰ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে-“এই পেৰেডৰ সময়ত চি আৰ পি এফৰ মাৰ্চিং কণ্টিজেণ্ট আৰু লগতে চি আৰ পি এফৰ বিশেষ ইউনিট যেনে কোব্ৰা কমাণ্ডো বেটেলিয়নৰ কাৰ্য প্ৰণালীও প্ৰদৰ্শন কৰা হ’ব ৷ চি আৰ পি এফৰ বিশেষ বাহন আৰু বিশেষ সঁজুলি,অস্ত্ৰ আৰু যোগাযোগ সঁজুলিৰ প্ৰদৰ্শনীও থাকিব,যিবোৰ চি আৰ পি এফে নিজে কামৰ সময়ত ব্যৱহাৰ কৰে ৷”

গৃহমন্ত্ৰী গৰাকীয়ে সকলোৰে আগত আৰ্কষণীয় ভাষণ প্ৰদান কৰে।তাৰপিছতেই অনুষ্ঠানত চি আৰ পি এফৰ আৰ্কষণীয় প্ৰদৰ্শন উপভোগ কৰিছে মন্ত্ৰীগৰাকীয়ে।ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে-‘‘দুটা বেটেলিয়ানেৰে আৰম্ভ হোৱা চি আৰ পি এফৰ বৰ্তমান ২৪৩ টা বেটেলিয়ান আছে।চি আৰ পি এফত ৩ লাখ ৮৯ হাজাৰ জোৱান আছে।যেতিয়া কলকাতাত বামপন্থীয়ে আৰক্ষীক হত্যা কৰিছিল তেতিয়া চি আৰ পি এফে পৰিস্থিতি চম্ভালিছিল।চি আৰ পি এফৰ জোৱান কেতিয়াও বিফল নহয়, সদায় পৰিণাম লগত লৈ আহে । ”

সৰুসজাইৰ কাৰ্যসূচী শেষ কৰিয়েই অমিত শ্বাহ সোণাপুৰৰ কচুতলীলৈ ৰাওনা হ’ব।কচুতলীত 10th APBN ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰি সন্ধিয়া বিশেষ বিমানেৰে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ।

Leave a Reply

Your email address will not be published. Required fields are marked *