দুদিনীয়া কাৰ্য্যসুূচীৰে উত্তৰপূৱলৈ ভ্ৰমণ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

Share

উপাসনা ডেকা
আজি শ্বিলংলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। দীৰ্ঘদিনীয়া অসম মেঘালয়ৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ উপস্থিতিত বহিব আলোচনা। য’ত দুয়োখন ৰাজ্যৰ ১২টা স্থানক লৈ কৰিব আলোচনা। অমিত শ্বাহৰ উপস্থিতিৰ পূৰ্বেই হব এই বৈথক।অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা সংঘাত সন্দৰ্ভত কৰিব আলোচনা। আলোচনাৰ পাছতেই যুতীয়া সংবাদ মেল পাতি এই কথা অবগত কৰে দুই মূখ্যমন্ত্ৰীয়ে।লগতে দেওবাৰে কেইবাটাও কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব অমিত শ্বাহে।মাওলঙত নিৰ্মিত আন্তঃৰাজ্যিক বাছ টাৰ্মিনেল উদ্বোধন কৰিব শ্বাহে। লগতে গৃহ মন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিব Northeastern space application center conference Hall ।উমচৈত মুকলি কৰিব অক্সিজেন প্ৰকল্প আৰু শিশু ৱাৰ্ড।তাৰ সমান্তৰাল ভাবে দেওবাৰে অংশ লব আছাম ৰাইফলচৰ বৃক্ষ ৰূপণ কাৰ্য্যসূচীত আৰু বিয়লি মুকলি কৰিব GMCH ৰ কেন্সাৰ হাস্পতালৰ ৰেডিয়থেৰাপী ব্লক। লগতে শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশ লৈ মুকলি কৰিব কেইবাটাও প্ৰকল্প আৰু কভিডত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক বিতৰণ কৰিব অমিত শ্বাহে।

Leave a Reply

Your email address will not be published. Required fields are marked *