ক’ভিড মহামাৰীৰ বাবে বাতিল কৰা হ’ল ঐতিহাসিক জোনবিল মেলা

Share
গুৱাহাটী, ২০ জানুৱাৰীঃ  বিগত সময়চোৱাত অসমৰ জাগীৰোডত  হাজাৰ হাজাৰ লোকৰ সমাগমেৰে ঐতিহাসিক যুগৰে পৰা জোনবিল মেলা উদযাপন কৰি অহা হৈছে। কিন্তু এইবাৰ অসমত বৰ্ধিত ক’ভিড সংক্ৰমণৰ বাবে ঐতিহাসিক জোনবিল মেলা বাতিল কৰা হৈছে। জাগীৰোড চহৰৰ পৰা পাঁচকিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ পৰম্পৰাৰে এই মেলা অনুষ্ঠিত হৈ আছে। য’ত বিশ্বৰ প্ৰাচীন বিনিময় প্ৰথা এতিয়াও চলি আছে।
পৰম্পৰাগত জোনবিল মেলা বাতিল কৰা হৈছে যদিও জাগীৰোডৰ দেওঁশাল মন্দিৰত গোভা ৰজাই কণী ভাঙি জোনবিল মেলাৰ ধৰ্মীয় ৰীতি-নীতিখিনি পালন কৰিব। উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতিৰ বাবে এই মেলাও বাতিল কৰিবলগীয়া হোৱাত স্থানীয় লোকসকল হতাশ হৈ পৰে যদিও ৰাজহুৱা স্বাস্থ্যৰ স্বাৰ্থত প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *