চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভূটান যোৱা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Share

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৬ৰ পৰা ১৯ ডিচেম্বৰলৈ   চাৰিদিনীয়া ভ্ৰমণসূচীৰে পত্নী ৰিনিকী ভূঞা শৰ্মা আৰু অসম চৰকাৰৰ বহুকেইজন বিষয়াৰ সৈতে ভূটান ভ্ৰমণ কৰে।ৰয়েল ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব।এই ভ্ৰমণে বিশেষ তাৎপৰ্য  গ্ৰহণ কৰিছে কিয়নো ভূটান ভ্ৰমণ কৰা এয়া অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী ।১৬ ডিচেম্বৰত ভূটানৰ পাৰো বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ৰয়েল ভূটান চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েল,ভূটানস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত সুধাকৰ ডালেলা আৰু ৰয়েল ভূটান চৰকাৰৰ কেবিনেট সচিব কেছাং ডেকীয়ে উষ্ম আদৰণি জনায়।ইফালে মুখ্যমন্ত্ৰীৰ সন্মানাৰ্থে ভূটানৰ যুৱক-যুৱতীসকলে অসমৰ বিহু নৃত্যৰ লগতে ভূটানৰ পৰম্পৰাগত  নৃত্য পৰিৱেশন কৰে।উল্লেখ্য যে অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে।সেয়েহে মুখ্যমন্ত্ৰীৰ এই ভূটান ভ্ৰমণে ভূটান আৰু অসমৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাত সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *