ডিজিটেল ডেস্কঃ “বিদ্যাঞ্জলি” কেৱল অসমৰ নহয়, ৰাষ্ট্ৰীয় আঁচনি হে। এইখন আঁচনি প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰা পত্ৰ খন ব্যক্তিগত পত্ৰ নহয়। পেগুৰ পত্ৰ খন লিখাত ভুল হ’ল। অন্য ৰাজ্যত প্ৰযোজ্য এই আঁচনি। সেয়ে অসমত আঁচনি খনক লৈ অসমত বিতৰ্ক কৰা কোনো প্ৰয়োজন নাই। “বিদ্যাঞ্জলি” আচঁনিৰ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ।
বিদ্যাঞ্জলি আঁচনি খন হৈছে নিজে পঢ়ি অহা বিদ্যালয়খনলৈ পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱা। “কোনোবাই সহায় কৰিলে আপত্তি কৰাৰ কোনো স্থল নাই” সাংবাদিকৰ আগত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰৰ হাতত পুজি মজুত থকা বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।