হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ:আজি অনুষ্ঠিত হ’ব বিশেষ কেবিনেট বৈঠক

Share

সুপ্রিয়া তৰফদাৰ

গুৱাহাটী,২০ আগষ্ট: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত চৰকাৰৰ আজি ১০০ দিন সম্পূৰ্ণ।১০ মে’ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰৰ কেবিনেটে৷২০১৬ত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপি মিত্ৰজোঁটে দিছপুৰ দখল কৰাৰ পিছত ২০২১ৰ নিৰ্বাচনতো সফলতা অৰ্জন কৰি দিছপুৰৰ গাদীত দ্বিতীয়বাৰলৈ বহিল বিজেপি মিত্ৰজোঁট৷

চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এই বিশেষ দিনটোত আজি অনুষ্ঠিত হ’ব বিশেষ কেবিনেট বৈঠক।চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ এই বিশেষ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।১০০ দিন সম্পূৰ্ণ হোৱাৰ বাবে শিক্ষা বিভাগত নিযুক্তি দিব ৭৬৭ গৰাকী শিক্ষকক।গুৱাহাটী মহানগৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ৩ খন পদসেঁতু।সোণাপুৰত উদ্বোধন কৰিব মাদাৰ বৃদ্ধাবাসৰ নতুন গৃহ।

Leave a Reply

Your email address will not be published. Required fields are marked *