তৃষ্ণা দাস
১১ আগষ্ট ছিমলাঃ ২ আগষ্টত স্কুলবোৰ খুলছিল যদিও কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত হিমাচল প্ৰদেশৰ চৰকাৰে কৰনা সংক্ৰমণলৈ চাই সকলো স্কুল আৰু শিক্ষানূষ্ঠান ২২ আগষ্টলৈ পুনৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। কাৰণ শেহতীয়াকৈ শিশুৰ মাজত সংক্ৰমণ বাঢ়িছে ৰাজ্যখনত। সেইবাবে মঙ্গলবাৰে সন্ধিয়া কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে, ৰাজ্যখনত অইন ৰাজ্যৰ পৰ্যটকে প্ৰৱেশ কৰিলে লাগিব আৰ টি পি চি আৰ ৰিপ’ৰ্ট অথবা দুপালি প্ৰতিষেধক লোৱাৰ প্ৰমাণ পত্ৰ। আৰু আৰ টি পি চি আৰ ৰিপ’ৰ্ট হ’ব লাগিব ৭২ ঘণ্টাৰ ভিতৰৰ।
মন্দিৰ দৰ্শনৰ বাবে অহা পৰ্যটকে সীমাতে ৰখোৱা হৈছিল কাৰণ তেওঁলোকৰ হাতত নাছিল কোভিড নিগেটিভৰ ৰিপ’ৰ্ট। অধিকাংশ দৰ্শনাৰ্থীয়েই আছিল পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ। সেয়েহে চৰকাৰে বাছতো ৫০% অধিক যাত্ৰীৰ ভ্ৰমণ বাৰণ কৰিছে। অৱশ্যে এই নিয়ম কাৰ্যকৰী হব ১৩ আগষ্টৰ পৰা।