পুনৰ হিমা দাসে লাভ কৰিলে স্বৰ্ণ পদক

Share

পুনৰবাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে হিমা দাস। দীৰ্ঘ বিৰতিৰ মূৰত প্ৰত্যাৱৰ্তন কৰিয়েই দখল কৰিলে স্বৰ্ণপদক হিমা দাসে ।

কেৰেলাৰ তিৰুৱন্তপুৰমৰ লক্ষীবাই নেচনেল কলেজ অৱ ফিজকেল এডুকেচনত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰাঁ প্ৰি ৱান এথলেটিকছৰ ২০০ মিটাৰ শাখাত দৌৰি হিমাই লাভ কৰে সোণৰ পদক ।

উল্লেখ্য যে ৫ গৰাকী  খেলুৱৈৰ মাজত হৈছিল ফাইনেল খেলখন। খেলখনত ২৩.৭৯ ছেকেণ্ডৰ ভিতৰত হিমা দাসে ৰাউণ্ড সম্পূৰ্ণ কৰি জয়লাভেৰে স্বৰ্ণপদক অৰ্জন কৰে । হিমা দাসে মহাৰাষ্ট্ৰৰ নিকটতম প্ৰতিদ্বণ্ডী ঐশ্বৰ্য কৈলাস মিশ্ৰ ২৪,৮১ আৰু কেৰেলাৰ ভি কে  বিস্মায়া ২৪.৮২ ক পিছ পেলাই মহিলাৰ ২০০ মিটাৰত সোণৰ পদক অৰ্জন লাভ কৰে । হিমা দাসৰ এই প্ৰাপ্তিৰ বাবে ধিং বাসীৰ লগতে সমগ্ৰ অসমবাসী আনন্দত আত্মহাৰা হৈ উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *