তৃষ্ণা দাস
৬ আগষ্ট : ৰাজ্যৰ প্ৰি-ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্ৰাছাসমূহ সাধৰণতে বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত নিযুক্তি দিয়া নহয় মাদ্ৰাছা টেটত উত্তীৰ্ণ প্ৰাৰ্থীক । বিধানসভাৰ মজিয়াত স্পষ্ট কৰিছে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱে। প্ৰশ্নোত্তৰ কালত AIDUF ৰ বিধায়ক আমীনুল ইছলামে উত্থাপন কৰে। প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে যিহেতু মাদ্ৰাছা সমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে সেয়ে পূৰ্বৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক এই বিদ্যালয়ৰ শিক্ষকৰ পদত যোগ্য নহ’ব। পূৰ্বে মাদ্ৰাছাৰ বাবে অনুষ্ঠিত হৈছিল বিশেষ টেট। শিক্ষামন্ত্ৰীয়ে কয় যে মাদ্ৰাছা টেট আৰু সাধৰণ টেটৰ মাজত যথেষ্ট পাৰ্থক্য আছে। সাধাৰণ টেট ১৫০ নম্বৰ হোৱাৰ বিপৰীতে মাদ্ৰাছা টেটত বহু বিষয় সন্নিৱিষ্ট নোহোৱাকৈ ১০০ নম্বৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। গতিকে কোনে কাৰণতে মাদ্ৰাছা টেট সাধৰণ টেটৰ সৈতে ৰিজাব পৰা নাযায়। সেয়েহে মাদ্ৰাছা টেট উত্তীৰ্ণ সাধৰণ বিষয়ৰ প্ৰাৰ্থী সকলক শিক্ষকৰ চাকৰিত মকৰল কৰা নহ’ব।
লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে নতুন শিক্ষা নীতি অনুসৰি মাতৃভাষা মাধ্যমত প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়লৈ পাঠদান কৰাৰ পৰ্যালোচনা চলি আছে। অসমৰ শিশু সকলে যাতে তেওঁলোকৰ মাতৃভাষাতে শিক্ষা আৰম্ভ কৰিব পাৰে তাৰ বাবে বিভিন্ন ভাষিক গোষ্ঠীৰ লগত আলোচনা কৰি এক বিজ্ঞান সন্নমত পৰিকল্পনা প্ৰস্তুত কৰি প্ৰাকপ্ৰাথমিক পৰ্যায়ৰ পৰা আগবঢ়ায় লৈ যোৱা হ’ব।