জম্মু-কাশ্মীৰৰ সুৰক্ষাৰ বাবে উচ্চস্তৰীয় বৈঠক আহ্বান

Share

জম্মু-কাশ্মীৰত প্ৰায় প্ৰতি সপ্তাহে বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ আক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আহ্বান কৰে এক উচ্চস্তৰীয় বৈঠকৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, ভাৰতীয় সেনাৰ চিফ জেনেৰেল উপেন্দ্ৰ দ্বিবেডী আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহৰ মূৰব্বীৰে সৈতে অনুষ্ঠিত কৰা হ’ব এই বৈঠক।

মন কৰিবলগীয়া যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পৰা সন্ত্ৰাসবাদ আতংকিত অঞ্চলটোলৈ পুনৰ শান্তি ঘূৰি আহিব বুলি আশা কৰা হৈছিল যদিও অঞ্চলটোত সন্ত্ৰাসবাদী সমস্যা হ্ৰাস পোৱা নাই। বৰঞ্চ প্ৰায় প্ৰতি সপ্তাহে সংঘটিত হৈছে একাধিক সন্ত্ৰাসবাদী আক্ৰমণ।

জুন মাহত ক্ৰমে ৯,১১.১২ আৰু ২৬ তাৰিখে কাশ্মীৰৰ ভিন্ন স্থানত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত হৈছিল সেনা বাহিনীৰ।জুলাই মাহত ৬,৯,১৫,১৮,২২,২৪,২৭ তাৰিখেও সেনাবাহিনীৰে সংঘৰ্ষ সন্ত্ৰাসবাদীৰ। য’ত ছহিদ হৈছিল কেইবাগৰাকীও সেনাজোৱান। ব্যতিক্ৰম নহয় আগষ্ট মাহ।

আগষ্ট মাহৰ এটা পষেকত অঞ্চলটোত প্ৰায় একাধিক আক্ৰমণ সংঘটিত হৈছে। এনে পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি আহ্বান কৰা এই বৈঠক অতি গুৰুত্বপূৰ্ণ আৰু তা९পৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *