ডিজিটেল ডেস্কঃ কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এচ সুধাৰে বিচাৰপীঠে বুধবাৰে এগৰাকী মহিলাই পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত মানসিক অত্যাচাৰত ভুগি অভিযোগ দাখিল কৰাত আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে যে – পতিয়ে নিজৰ পত্নীক তাচ্ছিল্য কৰাৰ লগতে স্ত্ৰীৰ সৈতে তুলনা কৰা কাৰ্য্যটোও এক মানসিক নিৰ্যাতন বুলি উল্লেখ্য কৰা হৈছে ৷
এই মন্তব্যৰ আৰৰ ঘটনা হল- এগৰাকী মহিলাই তেওঁৰ স্বামীৰ পৰা পোৱা ইতিকিং ৷ মহিলা গৰাকীক তেওঁৰ স্বামীয়ে তেওঁৰ মুখ মণ্ডলৰ বাবে ঠাট্টা মস্কৰাৰ লগতে আন মহিলাৰ সৈতে তেওঁক তুলনা কৰি মানসিক অত্যাচাৰ কৰাৰ বাবে অভিযোগ উত্থাপন কৰি আদালতত আৱেদন দাখিল কৰিছিল ৷
তদুপৰি এই আৱেদন শুনানি গ্ৰহণ কৰি কেৰেলা উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে এয়া যদিও বিবাহ বিচ্ছেদৰ বাবে পৰ্যাপ্ত নহয়, তথাপিও আইনে এই কথাটো গুৰুত্ব সহকাৰে লোৱা উচিত ৷