ঐতিহাসিক ৰূদ্ৰসিংহ উদ্যানত সংযোজিত হ’ল হেৰিটেজ মিউজিয়াম 

Share

সুদীৰ্ঘ দুটা দশকৰ অন্তত আনুষ্ঠানিক ভাৱে ৰাইজৰ বাবে মুকলি কৰা হ’ল  শিৱসাগৰৰ ৰূদ্ৰসিংহ উদ্যানত  এটা হেৰিটেজ মিউজিয়াম। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ তৎপৰতাত মুকলি হোৱা উদ্যানখনত মংগলবাৰে এই হেৰিটেজ মিউজিয়াটো মুকলি কৰা হৈছে ।

অসম পৰ্যটন বিভাগৰ অন্তৰ্গত জুইশাল গোষ্ঠীৰ উদ্যোগত , বিধায়ক অখিল গগৈৰ সহযোগত বিগত বৰ্ষটোৰ ডিচেম্বৰত পৰ্যটনৰ বাবে মুকলি কৰা উদ্যানখনিত পৰ্যটকক আৰ্কষিত কৰিব পৰাকৈ জাতি-জনগোষ্ঠীয় নৃত্যৰ ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ মিউজিয়ামটোত বিভিন্ন ধৰনৰ পৌৰাণিক সামগ্ৰী, সাঁচি পাতৰ পুথি, আহোম যুগৰ অস্ত্ৰ শস্ত্ৰ, বিভিন্ন সময়ৰ মুদ্ৰা,অসমৰ প্ৰাচীনতম লোক কলা মুখাশিল্পৰ লগতে আহোম যুগৰ বিভিন্ন সা-সামগ্ৰী মিউজিয়ামত সংৰক্ষণ আৰু  প্ৰদৰ্শিত কৰা হৈছে।

অতি মনোমোহা  ৰূপ  ধাৰণ কৰা উদ্যানখনত শেহতীয়াকৈ সংযোজিত হেৰিটেজ মিউজিয়াম দেশী বিদেশী পৰ্য্যটক সকলৰ বাবেও অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব বুলি আশাবাদী অসম পৰ্যটন বিভাগ  ৷

Leave a Reply

Your email address will not be published. Required fields are marked *