প্ৰবল বৰষুণৰ ফলত দেশৰ তিনিখন ৰাজ্যত ১৮ জনৰ মৃত্যু

Share

নিউজ ডেস্কঃ ভাৰতৰ বিভিন্ন ঠাইত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত মানুহক গৰমৰ পৰা সকাহ দিছে যদিও দেশখনৰ বিভিন্ন  অঞ্চলত লাখ লাখ লোকৰ জীৱন স্তব্ধ হৈ পৰিছে। মংগলবাৰে দিল্লী আৰু এন চি আৰৰ কিছু অংশত বিজুলী ডেৰেকণীৰ লগতে প্ৰবল বৃষ্টিপাত হয় যাৰ ফলত বিভিন্ন অঞ্চল জলমগ্ন হোৱাৰ লগতে যাতায়াত স্তব্ধ হৈ পৰে।লগতে একেদিনাই মুম্বাই আৰু ইয়াৰ  উপকণ্ঠ অঞ্চলতো প্ৰবল বৃষ্টিপাত হয় আৰু বিভিন্ন স্থান জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত হাজাৰ হাজাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। মহাৰাষ্ট্ৰৰ পালঘৰ,নাছিক আৰু পুণে জিলাত ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ ৰেড এলাৰ্ট ঘোষণা কৰিছে। একেদৰে ৰাজগড় জিলাতো বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট ঘোষণা কৰা পৰিলক্ষিত হৈছে।সোমবাৰে গংগাপুৰ বান্ধৰ পানী মুকলি কৰি দিয়াৰ ফলত গোদাবৰী নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত নাচিকৰ বিভিন্ন স্থান জলমগ্ন হৈ পৰে।ইফালে দক্ষিন গুজৰাটৰ  বিভিন্ন অঞ্চল বানৰ কবলত পৰা পৰিলক্ষিত হেছে।ধাৰাসাৰে হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত এখন দেৱাল খহি পৰাৰ ফলত আঠজন লোকৰ মৃত্য়ু হোৱা পৰিলক্ষিত হৈছে। গুজৰাটত মৃত্যু হোৱা আঠজন লোককে ধৰি মংগলবাৰে মহাৰাষ্ট্ৰ,মধ্য়প্ৰদেশকে ধৰি প্ৰায় ১৮ জনকৈ লোকৰ মৃত্য়ু হোৱা পৰিলক্ষিত হৈছে।ইফালে অন্ধ্ৰপ্ৰদেশত প্ৰবল বৰষুণৰ পাছত হোৱা বানৰ বাবে ৯,৬০০ জন গাঁওবাসীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *