ডিম্পুমনি হীৰা
৩ আগষ্ট : মধ্যপ্ৰদেশত বানৰ কালৰূপ ধাৰণ। নেৰা-নেপেৰা বৰষুণৰ বাবে ওফন্দি উঠিছে প্ৰতিখন নদী। জলমগ্ন ৰাজ্যখনৰ শিৱপুৰি জিলা। বানৰ কবলত পৰি বৰ্তমানলৈ ২জন লোকৰ মৃত্যু। বিভিন্ন ঠাইত প্লাৱিত হোৱা বানৰ ফলত ঘৰতে আৱদ্ধ হৈ পৰিছে ৰাইজ। বিছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। বায়ু সেনাই যুদ্ধগতিত আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। সহস্ৰাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ। সমগ্ৰ জিলাতে ৰেড এলাৰ্ট জাৰি কৰা হয়। অহা দুই-তিনি দিন ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞানকেন্দ্ৰৰ।