এটিয়াৰে পৰা ডক্তৰৰ প্ৰেছক্ৰিপচন অবিহনে লব নোৱাৰিব এণ্টিবায়টিক ৷ সাধৰণ জ্বৰ-চৰ্দি, চালৰ ৰোগ বা আন তেনেধৰণৰ ৰোগ হ’লেই আপুনি লব নোৱাৰিব এণ্টিবায়টিক ৷ এই এণ্টিবায়টিক ব্যৱহাৰৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা ৷ ৯২ পৃষ্ঠাৰ এই নিৰ্দেশনাখনত এণ্টিবায়টিক কেতিয়া খাব লাগে,কিমান ড’জ লব লাগে ,১০ বছৰৰ পাছত ডক্তৰে শিশুৰ বাবে প্ৰেছক্ৰিপছনত কেনেকুৱাধৰনৰ এণ্টিবায়টিক লিখিবলৈ বাছি ল’ব ,চিকি९সালয়ত থকা বৃদ্ধ বা গুৰুত্বৰভাৱে অসুস্থ ৰোগীৰ সংক্ৰমন ৰোধৰ বাবে কি ধৰণৰ এণ্টিবায়টিক ব্যৱহাৰ কৰিব সেই সম্পৰ্কে বিতংকৈ লিখা আছে ৷ নিৰ্দেশনাত এই বিষয়েইও লিখা হৈছে যে চিকি९সা মহাবিদ্যালয়ৰ চিকি९সালয়ৰপৰা প্ৰাথমিক খণ্ডৰ স্বাস্থ্যকেন্দ্ৰসমুহেও মানি চলিব লাগিব এই নিয়ম, ন’হলে বিশেষজ্ঞসকলে কেতিয়াবা চিকি९সালয়লৈ গৈ ৰোগীৰ প্ৰেছক্ৰিপছন চাব আৰু প্ৰয়োজন হ’লে চিকি९সকৰ বিৰুদ্ধে উচিত ব্যৱস্থাও গ্ৰহণ কৰিব পাৰিব ৷ বিশেষজ্ঞসকলৰ মতে সঘনাই এণ্টিবায়টিক ব্যৱহাৰে মানুহৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা হেৰুৱাই পেলাই ৷ কিন্তু আন কিছুমান ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰোগীক মাস্ক,গ্লভৰ পৰিবৰ্তে এণ্টিবায়টিক দিয়া হয় যিটো নেকি স্বাস্থ্যৰ বাবে হানিকাৰক ৷ ইয়াৰ উপৰি ফাৰ্মাচিষ্টসকলকো এণ্টিবায়টিক দিয়াৰ ক্ষেত্ৰত প্ৰেছক্ৰিপছন অবিহনে প্ৰদানৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে ৷