গুৱাহাটী,২ ছেপ্তেম্বৰঃ চিৰাম ইনষ্টিটিউটে দেশত প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱা দেশৰ জৰায়ুৰ কৰ্কট ৰোগৰ থলুৱা প্ৰতিষেধক চতুৰ্ভুজ হিউমেন পেপিলোমা ভাইৰাছ(এইছপিভি)ভেকচিন সন্দৰ্ভত বৃহস্পতিবাৰে চিৰাম ইনষ্টিটিউটৰ অধ্যক্ষ আদৰ পুনাৱালাই প্ৰকাশ কৰে যে উৎপাদক আৰু ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি এই ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব। এই ভেকচিনৰ মূল্য প্ৰায় ২০০ৰ পৰা ৪০০ টকাৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে,বৃহস্পতিবাৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙেও এই ভেকচিনটোৰ সৈতে জড়িত গৱেষণা তথা বিকাশ সম্পূৰ্ণ হোৱা আৰু এই ভেকচিনটো জনসাধাৰণৰ বাবে উপলব্ধ কৰাৰ পিছৰ পদক্ষেপৰ অৰ্থাৎ বিজ্ঞানসন্মতভাৱে সম্পূৰ্ণ কৰাৰ উপলক্ষে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে ভাৰতে প্ৰথমটো থলুৱাভাৱে প্ৰস্তুত কৰা জৰায়ুৰ কেন্সাৰৰ প্ৰতিষেধক বজাৰত মুকলি কৰিবলৈ সাজু হৈছে। তেওঁ লগতে কয় যে, “এই ভেকচিন সস্তীয়া হ’ব লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাৰ বাবেই দেশত প্ৰতিৰোধমূলক ঔষধ আৰু ভেকচিন প্ৰস্তুত সম্ভৱ হৈছে।”
তদপুৰি জৰায়ুৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধৰ বাবে এই ভেকচিন ৯ৰ পৰা ১৪ বছৰৰ ভিতৰৰ কিশোৰীক প্ৰদান কৰিব পৰা যাব। এই ভেকচিনৰ বিষয়ে জ্ঞাত এক সূত্ৰই জনোৱা মতে, প্ৰথম অৱস্থাত এই ভেকচিনবোৰ কেৱল কিশোৰীকহে প্ৰদান কৰা হ’ব।