৫ বছৰ অন্তত পুনৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে

Share

চতুৰ্থবাৰৰ বাবে বিটিচিৰ শাসনভাৰ হাতত লোৱা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ৫ অক্টোৱৰ তাৰিখে কোকৰাঝাত শপত গ্ৰহণ কৰে। বিপিএফ দলৰ জ্যেষ্ঠ নেতা ৰিহণ দৈমাৰীৰ উপ-মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ। এই শপত গ্ৰহণ উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। তাৰ উপৰিও এই শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ কেবাগৰাকীও কেবিনেট মন্ত্ৰীকে ধৰি কাৰ্বি-আংলং, ডিমা হাছাও, ত্ৰিপুৰা আদিৰ জ্যেষ্ঠ নেতা তথা বিপিএফ, বিজেপি আৰু ইউ পি পি এলৰ এম চি এল এসকল উপস্থিত থাকে।

শপত গ্ৰহণ পিছত হাগ্ৰামা মহিলাৰীয়ে কয় , আজি দিয়া বৰষুণজাক আচলতে বৰষুণ নহয়, ভগৱানৰ আশীৰ্বাদ। কাৰণ অতদিনৰ লেতেৰাবোৰ এই বৰষুণজাকে বিটিচিৰ পৰা ধুই চাফা কৰি দিছে। তাৰ পিচতেই হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত কয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ কাম কৰা আৰু নিশ্চয় বিজেপি, ইউপিপিএলৰ এমচিএলএই আদি সকলোকে লৈ কাম কৰাৰ ইচ্ছা আছে । আমাৰ উদ্দেশ্য হ’ল বিটিচিৰ উন্নয়ন হ’ব লাগে ।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সহায়ত বড়োলেণ্ডৰ যিমান সমস্যা সমাধান কৰিবলৈ সহায় কৰিব বুলি আশা প্ৰকাশ কৰে হাগ্ৰামা মহিলায়ে।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, মই বিশ্বাস কৰো যে হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ লগত আৰু বিজেপিয়েও বিপিএফৰ লগত সহযোগিতা কৰিব। ২০০১-২০০২ চনৰে পৰা ব্যাক্তিগতভাৱে তেওঁৰ লগত সম্পৰ্ক আছিল বুলি কয়। বড়োভূমিৰ সৰ্বাংগীন উন্নয়নৰ আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন নতুন চৰকাৰখনক সকলো দিশৰ পৰা সহায়-সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্য়মন্ত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *