হেক ইৰানৰ চৰকাৰি টেলিভিচন

Share

মহিলা সকলৰ নেতৃত্বত ইৰানত হিজাব বিৰোধী প্ৰবল প্ৰতিবাদ  চলি থকাৰ মাজতে প্ৰতিবাদক সমৰ্থন কৰা ডিজিটেল এক্টিভিষ্ট সকলে কালি নিশা চৰকাৰী টেলিভিচনত পোনপটীয়া বাতৰি সম্প্ৰচাৰ চলি থকাৰ সময়তে সম্প্ৰচাৰ হেক কৰে ।স্থানীয় সময় নিশা ৯ বজাত বাতৰি সম্প্ৰচাৰ আৰম্ভ হোৱাৰ ঠিক পাছতে টেলিভিচনৰ পৰ্দাত ইৰানৰ সৰ্ব্বোচ্চ নেতা আয়াতুল্লা আলী খানেই নিৰ মুখত হেকাৰ ক্ৰছহেয়াছ, আৰু জুইৰ শিখা ছুপাৰইমপজ কৰে।

ইৰানৰ নেতা,খামেই নিয়ে চৰকাৰী বিষয়া সকলক সাক্ষা্ত কৰাৰ ফুটেজ এটা সম্প্ৰচাৰ কৰাৰ সময়ত হেকাৰে টিভিৰ পৰ্দাত আপোনাৰ হাতত আমাৰ যুৱক–যুৱতী সকলৰ তেজ লাগি আছে বুলি এটা বাৰ্তা উলিয়াই দিয়ে।ইদালত ই আলী নামৰ হেক্টিভিষ্ট গ্ৰুপ এটাই এই কাম কৰা বুলি দাবী প্ৰকাশ কৰে।

১৭ ছেপ্তেম্বৰৰ পৰা এতিয়ালৈকে ৰাজধানী তেহৰান আৰু অন্যান্য নগৰ মহানগৰীত তাৰ বিৰুদ্বে প্ৰতিবাদ অব্যাহত আছে।

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *