দেশৰ পৰৰ্ৱতী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি।১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে।১৮ ফেব্ৰুৱাৰীত ৰাজীৱ কুমাৰৰ পদত্যাগ কৰাৰ পাছতে তেওঁৰ ঠাইত জ্ঞানেশ কুমাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিব।ৰাজীৱ কুমাৰে ২০২০ চনৰ ১ ছেপ্টেম্বৰত ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে যুগদান কৰিছিল আৰু ১৫ মে’ত ভাৰতৰ ২৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ ১৯৮৮ বেচৰ আই এ এছ অফিচাৰ।যোৱা মাৰ্চ মাহৰ পৰা তেওঁ নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হৈ আহিছে। ইয়াৰ মাজতে জ্ঞানেশ কুমাৰক দেশৰ ৰাষ্ট্ৰপতিয়ে পৰৰ্ৱতী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে।নতুন আইনৰ ভিত্তিত বাচনি কৰা জ্ঞানেশ কুমাৰ হৈছে দেশৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত।জ্ঞানেশ কুমাৰক বাছনি সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়।কমিটীখনত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধী।তেওঁৰ এই দায়িত্ব সামৰণি পৰিব ২০২৯ চনৰ ২৬ জানুৱাৰীত।