বিপদ সীমা অতিক্ৰম কৰিছে গুৱাহাটীৰ প্ৰদূষণৰ মাত্ৰা

Share

গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে এতিয়া এক ভয়ংকৰ ৰূপ। বিষাক্ত বায়ু প্ৰদূষণৰ কৱলত মহানগৰৰ বাসিন্দাৰ এতিয়া উশাহ লব নোৱাৰা এক পৰিস্থিতিৰ সূচনা হৈছে। ক্ৰমে বৃদ্ধি পাইছে কাহ, চৰ্দি, মূৰৰ বিষকে ধৰি বিভিন্ন ৰোগ। আনহাতে গুৱাহাটীত অধিক মাত্ৰাত বৃদ্ধি পোৱা বায়ু প্ৰদূষণে কণ কণ শিশুসকলৰ লগতে বয়োজ্যেষ্ঠ সকলো সন্মুখীন হৈছে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত। জি এম চি এইছৰ শিশু ৰোগ বিভাগৰ চিকিসা ড°দিগন্ত বৰ্মনে প্ৰকাশ কৰে যে মংগলবাৰে ৩৫ টাকৈ শিশু ভৰ্তি কৰোৱা হয় । বৰ্তমান সময়ত পূৰ্বৰ অভিলেখ ভংগ কৰিছে মহানগৰীৰ বায়ুমণ্ডলে। একমাত্ৰ  গুৱাহাটীতে নহয় ৰাজ্যৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে প্ৰদুষণৰ মাত্ৰাই । উল্লেখ্য যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ৰাষ্ট্ৰীয় একিউআই বুলেটিনৰ অনুসৰি মংগলবাৰে গুৱাহাটীৰ বায়ুৰ মানদণ্ড হৈছে ২০৮।

 

Leave a Reply

Your email address will not be published. Required fields are marked *