গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী

Share

সুপ্ৰিয়া টাৰফদাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ে শীঘ্ৰে আৰম্ভ কৰিব স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্রক্রিয়া। বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ মহলাৰ প্ৰতিটো বিভাগৰ নামভৰ্তি সন্দৰ্ভত এক জাননী জাৰি কৰিছে। জাননী অনুসৰি বিশ্ববিদ্যালয়খনত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই পৰীক্ষা অফলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব। ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব।

অৰ্থনৈতিকভাৱে দৰ্বুল শাখা (EWS) অৰ্থাৎ অসংৰক্ষিত শ্ৰেণীৰ ১০ শতাংশ বিশ্ববিদ্যালয় বিভাগ আৰু বিশ্ববিদ্যালয়ৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ বাবে বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তভূৰ্ক্ত হ’ব। অধ্যয়নৰ পৰম্পৰাগত পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ ক্ষেত্ৰত, মুঠ ৮০ শতাংশ আসন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে বাকী ২০ শতাংশ আসন আন শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত কৰা হ’ব। অধ্যয়নৰ আন্তঃশাখা পাঠ্যক্ৰমৰ সকলো আসনেই বিশ্ববিদ্যালয় নিৰ্বিশেষে সকলো শিক্ষাৰ্থীৰ বাবে মুকলি থাকিব

For more details- Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *