গুৱাহাটী পৌৰ নিগম আৰু ইয়াৰ ইতিহাস

Share
ড° দীনেশ বৈশ্য
ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হোৱাৰ দুবছৰ আগতে বৃটিছ সকলে গুৱাহাটী দখল কৰিছিল। বৃটিছৰ গুৱাহাটী দখলৰ সময় ২৮ মাৰ্চ ১৮২৪। ১৮২৬ চনত ইয়াণ্ডাবু চুক্তি হয়।
ইয়াণ্ডাবু চুক্তিৰ পিছত সমগ্ৰ অসমত বৃটিছ ৰাজ চলে। প্ৰথম অৱস্থাত গুৱাহাটী খনক বৃটিছ সকলে সৈন্য ৰখা কেন্টনমেন্ট হিচাপে হে ব্যৱহাৰ কৰিছিল।
বৃটিছ সকলে গুৱাহাটীত তেওলোকৰ ৰাজত্ব চলাইছিল যদিও গুৱাহাটীৰ মানুহৰ বাবে কোনো ধৰণৰ উন্নয়ন ৰ ব্যৱস্থা কৰা নাছিল।
১৮৩৬ চনত গুৱাহাটী ত মেলেৰিয়া আৰু কলা জৰে মহামাৰীৰ ৰূপ লয়। তেতিয়া বহুতো বৃটিছ শাসক আৰু সৈনিকৰ মৃত্যু হয়। সেই মহামাৰীৰ পিছতেই বৃটিছ শাসক সকলে গুৱাহাটীৰ উন্নয়ন ৰ বাবে কিছু কাম কৰে।
সেইসময়ত জনস্বাস্থ্য উন্নয়নৰ বাবে বৃটিছ প্ৰশাসনে কিছু ব্যৱস্থা লয়।
ইস্ট ইণ্ডিয়া কোম্পানীয়ে গুৱাহাটীৰ উন্নয়ন ৰ বাবে ৩০০০ টকা আৱন্টন কৰে। টকা আৱন্টন ৰ লগতে এখন উন্নয়ন কমিটিও কৰি দিয়ে। এই কমিটিত গুৱাহাটীৰ মেজিষ্ট্ৰেট জন আৰু চিভিল চাৰ্জন জনক ৰাখে।
কমিটি খনৰ নাম ৰখা হৈছিল নগৰ উন্নয়ন কমিটি। গুৱাহাটী ত মেলেৰিয়া আৰু কলাজৰ হোৱাৰ কাৰণ গুৱাহাটীৰ চেনিটেৰি ব্যৱস্থা টো বুলি বৃটিছ প্ৰশাসনে নিৰ্ধাৰণ কৰিছিল। কমিটিৰ হাতত দিয়া ৩০০০ টকাৰে নগৰখনৰ চেনিটেৰি ব্যৱস্থা টো উন্নত কৰিবলৈ কোৱা হৈছিল।
১৮৪৮ চনত কমিটিয়ে ব্যৱসায়ী আৰু ফেৰীৱালা বিলাকৰ ওপৰত নিৰ্দ্ধাৰিত কৰ কিছু কমাই দিয়ে।
১৮৫২ চনত মেজৰ ভেট্স নামৰ সেনাবাহিনীৰ বিষয়া এজনক কামৰূপ জিলাৰৰ ডেপুটি কমিছনাৰ কৰি দিয়ে আৰু তেওকেই গুৱাহাটী টাউন কমিটিৰো চেয়াৰমেন কৰে।
সেইসময়তেই গুৱাহাটীৰ ১০০ৰো অধিক প্ৰমুখ নাগৰিকে চেয়াৰমেন ক লগ ধৰে আৰু গুৱাহাটীত এখন মিউনিচিপাল বোৰ্ড গঠন কৰাৰ দাবী উৎথ্বাপন কৰে। কিন্তু চেয়াৰমেন জনে কয় গুৱাহাটীত এখন মিউনিচিপাল বোৰ্ড কৰিবলৈ যি ধনৰ ব্যৱস্থা হব লাগে সেইধৰণৰ কোনো ৰাজহৰ সম্ভাৱনা নাই।
কিন্তু পৰবৰ্তী সময়ত বেংগল প্ৰদেশ চৰকাৰে গুৱাহাটীৰ নাগৰিকৰ এই দাবী মানি লয়। কেপ্তেইন ৰাৱালাটক গুৱাহাটী মিউনিচিপাল বোৰ্ডৰ প্ৰথম চেয়াৰমেন কৰা হয়। বোৰ্ডত চাৰিজন সদস্য আছিল। তাৰে দুজন বৃটিছ প্ৰশাসক আৰু দুজন গুৱাহাটীৰ গণ্য মান্য নাগৰিক। নাগৰিকৰ ফালৰ পৰা নিৰ্বাচিত সদস্য দুজন হল গৰ্গ ৰাম দাস আৰু কেফেয়াৎ উল্লা মুন্সী।
গুৱাহাটীৰ মিউনিচিপাল বোৰ্ডে ৫টকাতকৈ অধিক উপাৰ্জন কৰা লোক সকলৰ ওপৰত কৰ আৰোপ কৰিছিল।
পিছলৈ একাংশ নখগৰিকে গুৱাহাটীত এখন মিউনিচিপাল বোৰ্ডৰ প্ৰয়োজন নাই বুলি দাবী তুলিছিল। তেতিয়া গুৱাহাটীৰ বাসিন্দা ৩০০ ঘৰ আছিল। ৩০০ ঘৰ নাগৰিক থকা টাউন খনৰ মাত্ৰ ১০০ জন নাগৰিকে তোলা দাবীৰ ভিত্তিত গুৱাহাটীৰ মিউনিচিপাল বোৰ্ড গঠনৰ যুক্তি নাই বুলিও কৈছিল। আৰু কোৱা হৈছিল যি সকলে বোৰ্ডৰ দাবী উথ্বাপন কৰিছিল সেই সকলৰ কোনেও কৰ নিদিয়ে। সেই বাবেই বোৰ্ডৰ কোনো প্ৰয়োজন নাই বুলিও কৈছিল। কিন্তু প্ৰশাসনে এই দাবী নাকচ কৰিলে।
বোৰ্ড খনে গুৱাহাটীৰ উন্নয়ন ৰ বাবে ভালেমান আচনি হাতত লয়। এইবিলাক ৰ ভিতৰত নগৰৰ বাট পকা কৰা, চেনিটেৰি ব্যৱস্থা উন্নত কৰা, পানী যোগান ধৰা আৰু অসমীয়া ভাষাৰ স্কুল স্থাপন কৰা আদি।
১৮৮৩ চনত গুৱাহাটীৰ মিউনিচিপাল বোৰ্ড খন প্ৰথম শ্ৰেণীলৈ উন্নত কৰা হয়।
মানিক চন্দ্ৰ বৰুৱা এই বোৰ্ডৰ প্ৰথম অসমীয়া কমিছনাৰ হয়। ১৯১৩ চনত মানিক চন্দ্ৰ বৰুৱা প্ৰথম অসমীয়া চেয়াৰমেন হয়।
১৯১০ চনত গুৱাহাটীৰ ৰাষ্টাত গেচ লাইট আছিল। ১৯২০ চনত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ ৰাষ্টাত বিজুলী বাতি জলে।
১২১ বছৰ বয়সত ১৯৭৪ চনত গুৱাহাটীৰ মিউনিচিপাল বোৰ্ড কৰ্পোৰছনলৈ উন্নত হয়।
ৰাধা গোবিন্দ বৰুৱা মিউনিচিপাল কৰ্পোৰেছনৰ প্ৰথম মেয়ৰ হয়। দ্বিতীয় জন মেয়ৰ আছিল লক্ষ্য ধৰ চৌধুৰী।
৭০/ ৮০ৰ দশকলৈ গুৱাহাটীৰ মিউনিচিপালটিৰ সদস্য সমূহ উচ্চ শিক্ষিত আৰু ভবিষ্য দৰ্শী তথা সমাজ সচেতন লোক আছিল।
কলেজৰ শিক্ষক বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু সাহিত্যিক লোকো গুৱাহাটীৰ মিউনিচিপাল টিৰ মেয়ৰ আছিল। অধ্যাপক বিনয় ভূষন চৌধুৰী অধ্যাপক বিনয় তামুলী ৰ দৰে পণ্ডিত লোকো গুৱাহাটীৰ মিউনিচিপাল টিৰ শাসক প্ৰশাসক আছিল।
কিন্তু এতিয়া কেৱল ৰাজনৈতিক দলৰ সদস্য হোৱাৰ বাবে ই মিউনিচিপাল টিৰ নিৰ্বাচন জিকি কাউন্সিলৰ বা মেয়ৰ হোৱা দেখা গৈছে।
সম্প্ৰতি গুৱাহাটী মিউনিচিপাল টিৰ নিৰ্বাচনৰ বতাহ বলিছে। কাউন্সিলৰ হবলৈ এনেকুৱা কিছুমান লোকক ৰাজনৈতিক দল সমূহে প্ৰাৰ্থীত্ব দিছে যিবিলাক লোকৰ নাম কোনেও কেতিয়াও শুনা নাই। তেওলোকে কোনে কেনেধৰণে সমাজ জীৱনলৈ কি অৰিহনা আগ বঢ়াইছে সেই কথাও জনা নাযায়।
মানিক চন্দ্ৰ বৰুৱা ৰ পৰা ৰাধা গোবিন্দ বৰুৱা লক্ষ্যদৰ চৌধুৰী বিনয়ভূষণ চৌধুৰীৰ দৰে লোক, বিনয় তামূলী ৰ দৰছ যিখন গুৱাহাটীৰ মিউনিচিপাল প্ৰশাসন চলাইছিল এতিয়া সেই আসনত কেনেকুৱা লোক বহিছে আৰু বহিব সেইকথা ভাবি সচাকৈ বৰ দুখ লাগে।
গুৱাহাটীৰ মিউনিচিপাল নিৰ্বাচন ত বিভিন্ন দলৰ নেতা সকলে বিভিন্ন ধৰণৰ উন্নয়ন ৰ প্ৰতিশ্ৰুতি দিছে। ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ সভা পাতিছে। এনেকুৱা লাগিছে এইবাৰ মিউনিচিপাল নিৰ্বাচনৰ পিছত গুৱাহাটী খনৰ আৰু কোনো অসুবিধা নাথাকিব। প্ৰতিটো নিৰ্বাচন ত এনেকুৱা এক পৰিবেশ সৃষ্টি হয়। সাধাৰণ মানুহে ৰাজনৈতিক দলৰ কথাত ভোল যায়। ভোট দিয়ে। পিছলৈ যৰ পানী ততে থাকে। যৰ গুৱাহাটী তাতে থাকে।
গুৱাহাটী ভাৰতবৰ্ষৰ এখন অন্যতম ধুনীয়া মহানগৰী। চাৰিওফালে পাহাৰ নদী আৰু জলাশয় আছিল। গুৱাহাটীৰ মাজেৰে বৈ গৈছিল ধৰ্মীয় ভাবে এক পবিত্ৰ নদী। এই নদী খন মৰি গল। মাৰি পেলোৱা হল। ভৰলু খনক এখন নদী বুলি কোনেও নাভাবে। ভৰলু পৃথিৱীৰ ভিতৰতেই এখন জঘণ্য ভাবে প্ৰদূষিত নদী। এখন লেতেৰা নদী।
গুৱাহাটীৰ শাসক সকলেই এই নদী হত্যাৰ দায়িত্ব লব লাগিব। সাধাৰণ মানুহ ক দোষ জাপি দিব নোৱাৰিব।
গুৱাহাটীৰ কাষেৰে বৈ গৈছে ভাৰতবৰ্ষৰ এখন বিখ্যাত নদী। এখন বৃহৎ নদীৰ পাৰত থকা গুৱাহাটীৰ মানুহে পানীৰ চিন্তা কৰি বেমাৰী হৈছে। গুৱাহাটীৰ মানুহে যুগ যুগ ধৰি পানী কিনি খাইছে। অতি অপৰিকল্পিত ভাবে গুৱাহাটীৰ মাটি হাই ৰাইজ অট্টালিকা ৰ অৰণ্য লৈ ৰূপান্তৰিত হল। ৰিয়েল ইস্টেট মাফিয়া সকলৰ হাতত গুৱাহাটী ভূলুন্ঠিত হল। গুৱাহাটীৰ ঐতিহ্য ধ্বংস হল। গুৱাহাটী এখন লেতেৰা মহানগৰীলৈ ৰূপান্তৰিত হল। এজাক বৰষুণ দিলেই গুৱাহাটীৰ ঘৰ দুৱাৰ বাট পথ পানী ত দুব যায়। সেইখন গুৱাহাটী য়েই আকৌ পানী নাপাই তৃষ্ণাতুৰ হৈ পৰে। গুৱাহাটীৰ ৮০ শতাংশ মানুহে পানী কিনি খায়। শাসক সকলৰ চকুৰ আগতেই গুৱাহাটীত এখন অবৈধ পানীৰ বজাৰ চলিছে। যোৱা দুটা দশক ধৰি গুৱাহাটীৰ মানুহ ক শাসক সকলে দি আহিছে ঘৰে ঘৰে পানী যোগানৰ প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি সহজে পুৰণ হব বুলি নাভাবো। গুৱাহাটীৰ বাট ঘাট পানীৰ পাইপ বহোৱা ঠিকাদাৰ সদলে বাৰে বাৰে ভাঙি আছে। আকৌ হয়তো বহুবাৰ ভাঙিব। গুৱাহাটীৰ মানুহে বাৰে বাৰে প্ৰবঞ্চিত হব।
ভাবিলে বৰ দুখ লাগে ধুনীয়া গুৱাহাটী খনক ঘুণীয়া কৰিলে শাসক সকলেই।
এটা সময়ত আমি ভৰলু নদীৰ পাৰত খেতি কৰিছিলো। মাছ মাৰিছিলো। গুৱাহাটী এখন ঐতিহ্য চহকী নগৰী আছিল।
গুৱাহাটীৰ শাসক সকলে ঐতিহ্য কি বুজি নাপায়। ঐতিহ্য সহজে ধ্বংস কৰে।
এনেদৰেই লাহে লাহে প্ৰাকৃতিক ডাবে ঐতিহ্যিক ভাবে মৰি আহিছে গুৱাহাটী।
আকৌ যদি কিছুমান গুৱাহাটীৰ ঐতিহ্য বুজি নোপোৱা মানুহৰ হাতলৈ গুৱাহাটীৰ শাসন ভাৰ যায় তেনেহলে গুৱাহাটী খন এখন বিধস্ত মহানগৰীলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত।

Leave a Reply

Your email address will not be published. Required fields are marked *