ছাদ্দাম হুছেইন, ৫ অক্টোৱৰঃ গৰুখুঁটিৰ ঘটনাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰুজু কৰিলে নিজাববীয়াকৈ গোচৰ। গৰুখুঁটিৰ ঘটনাক কেন্দ্ৰ কৰি অসম নাগৰিক সমাজে মুখ্য ন্যায়ধীশলৈ প্ৰেৰণ কৰিছিল পত্ৰ। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ। ৬/২২১ নম্বৰত পঞ্জীয়ন কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ। এই গোচৰৰ উত্তৰ দিবলৈ ৭ অক্টোৱৰলৈ সময় লৈছে অসম চৰকাৰে।