পুনৰ বানৰ কবলত গুৱাহাটী মহানগৰী। নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে গুৱাহাটীৰ বহুকেইটা অঞ্চল । কি পাঞ্জাবাৰী কি চান্দমাৰী সকলোতে এতিয়া বানে ধাৰণ কৰিছে ভয়াবহ ৰূপ । বাঢ়ি অহা বানৰ ফলতে এতিয়া হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ মাজত ৷ যমৰ যন্ত্ৰণাত ভূগিছে শিক্ষাৰ্থীৰ লগতে কৰ্মচাৰীসকল ৷ ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যান-বাহনসমূহ ৷ হঠা९ যেন অচল হৈ পৰিছে গুৱাহাটীৰ জন-জীৱন ৷ এতিয়াও এই কৃত্ৰিম বানৰ কবলত পাঞ্জাবাৰীৰ জুৰিপাৰ এলেকা ৷ মংগলবাৰে অহা নেৰানেপেৰা এজাক বৰষুণৰ ফলতে জলমগ্ন হৈ পৰে অঞ্চলটো ৷ এই মুষধাৰ বৰষুণৰ ফলতে ডুব গৈছে বহু পৰিয়ালৰ বাসগৃহ ৷ পানীৰ মাজতে আৱদ্ধ হৈ আছে এতিয়াও বহুকেইটা পৰিয়াল ৷ কেৱল পাঞ্জাবাৰী, চান্দমাৰীয়ে নহয় ছয়মাইল, সাতগাঁও, ৰুক্মিণীগাওঁকে ধৰি প্লাৱিত হৈ পৰিছে বহুকেইটা অঞ্চল ৷