ৰাজ্যত ১৮ জুলাইৰ পৰা বলৱত হৈছিল জি এছ টি । কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ ফলত সাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে । পিছে এনে এক পৰিপ্ৰেক্ষিততে অৰুণোদয় হিতাধীকাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে কঢ়িয়াই আনিছে অন্য এক আশাৰ বতৰা । কিয়নো ১০ অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ’ব অৰুণোদয় আঁচনিৰ পৰিমাণ ।
যিহেতু পূৰ্বতে প্ৰতিগৰাকী অৰুণোদয় হিতাধীকাৰীক দিয়া হৈছিলে ১০০০ টকাকৈ । কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি প্ৰতিগৰাকী অৰুণোদয় হিতাধীকাৰীয়ে লাভ কৰিব ১০০০ ৰ পৰিৱৰ্তে ১২৫০ টকাকৈ ধন । ইতিমধ্যে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । কিছুদিন পূৰ্বেই খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত কৰিব অতিৰিক্ত ৬ লাখ হিতাধীকাৰী । পূৰ্বতে অন্তৰ্ভুক্ত ২০ লাখ হিতাধীকাৰীৰ লগতে পুনৰ নকৈ অন্তৰ্ভূক্ত কৰা হ’ব ৬ লাখ হিতাধীকাকীৰ নাম । তদুপৰি , অৰুণোদয় হিতাধীকাৰীক বিনামূলীয়াকৈ প্ৰদান কৰিব ৭০ মেগাৱত বিদ্যুত সেৱা । ইয়াৰ মাজতে যেন অৰুণোদয় হিতাধীকাৰীয়ে এইবাৰৰ পৰা লাভ কৰিব ১২৫০ টকাকৈ ধন ।