অনালি শৰ্মা
হায়দৰাবাদ,১২ আগষ্ট : জি এছ এল ভি-এফ১০ ই অ’ এছ-০৩ ৰ অভিযানৰ বাবে যোৱা কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা সাজু হৈছে বুলি জানিবলৈ দিছে । জিঅ’ছিক্ৰনাছ ছেটেলাইট লনছ্ ভেহিকল অৰ্থাৎ জি এছ এল ভি ৰ সহায়ত আজি পুৱা ৫-৪৩ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা জিছেট-১ উৎক্ষেপণ কৰিব । অৱশ্যে এই জিঅ’ ইমেজিং ছেটেলাইটো উৎক্ষেপণ বতৰৰ ওপৰতো নিৰ্ভৰ কৰিব । ই মূলতঃ এটা আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট ।
যদিহে ই পৃথিৱীৰ কক্ষপথত থাকে তেন্তে ইয়াক ‘আকাশত থকা ভাৰতৰ চকু’ বুলিও ক’ব পৰা যাব । উল্লেখ্য যে এই জিছেট-১ ৰ সহায়ত প্ৰকৃতিক দুৰ্যোগৰ বিষয়ে জনাৰ উপৰিও কৃষি, অৰণ্য, খনি, বৰফ, হিমবাহ আদিৰ তথ্য পোৱাতো সহায়ক হ’ব ।